হোজাই জিলাৰ লংকাৰ লংকেশ্বৰী নাট্য মন্দিৰ চৌহদত তিনিদিনীয়া কাৰ্যসূচীৰে জাতীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ ব্যৱস্হাপনাত আৰু হোজাই জিলা সমিতিৰ উদ্যোগত ভূপেন হাজৰিকাৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় সাংস্কৃতিক সমাৰোহ |
৮ ছেপ্টেম্বৰৰ পৰা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে অনুষ্ঠিত উক্ত অনুষ্ঠানৰ ১০ ছেপ্টেম্বৰত সামৰণি পৰে |
সামৰণী অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে নিশালৈ জনপ্ৰীয় কণ্ঠশিল্পী জে পি দাসে গীত পৰিৱেশন কৰে ৷
জে পি দাসে নিজৰ গীতসমূহৰ লগতে ভূপেন হাজৰিকাৰ কেইবাটাও কালজয়ী গীত পৰিৱেশন কৰি লংকাবাসীক মুগ্ধ কৰে ৷
'মানুহে মানুহৰ বাবে' শীৰ্ষক গীতটোত হোজাই জিলাৰ আৰক্ষী বিষয়া ভনীতা দাসে জে পি দাসৰ লগত কণ্ঠ দিয়ে ৷
গীতটো পৰিৱেশনৰ লগে লগে সমগ্ৰ দৰ্শক-শ্ৰোতাই থিয় হৈ সমস্বৰে গীতটোত অংশগ্ৰহণ কৰে ৷
আনহাতে, লংকা থানাৰ ভাৰপাপ্ত বিষয়া শ্যামন্ত শৰ্মাও অনুষ্ঠানটোত উপস্হিত থাকে ৷
- Log in to post comments
- 10 views