আজি আহিছে প্রথমখন বিমান, ক’ৰ’না যুদ্ধত ভাৰতৰ কাষত আমেৰিকা

usa

ক’ৰ’নাত বিপৰ্যস্ত ভাৰতক ক’ৰ’না যুদ্ধত সকলো ধৰণৰ সাহায্যৰ আশ্বাস দিছে মার্কিন ৰাষ্ট্ৰপতি জো বাইডেনে। আজি আমেৰিকাৰপৰা সেই সাহায্যৰ প্রথম বিমান আহিছে ভাৰতলৈ। প্রায় ১০০ মিলিয়ন মার্কিন ডলাৰ মূল্যৰ ক’ভিড মোকাবিলাৰ সামগ্রী পঠিওৱা হৈছে আমেৰিকাৰ পৰা। 

মার্কিন বিদেশ উন্নয়ন এজেন্সিয়ে জনাইছে, ইতিমধ্যে ভাৰতীয় সময় অনুসৰি বুধবাৰে ৰাতি পৃথিৱীৰ বৃহত্তম মার্কিন ট্রেভিছ বায়ু সেনা বেছৰপৰা ৰাওনা হৈছে বিমান।  

Supply

USAID (United States Agency for International Development)এ জনাইছে, ৪৪০টা অক্সিজেন ছিলিণ্ডাৰ আৰু ৰেগুলেটৰ দান কৰিছে কেলিফোর্নিয়াই। 

ইয়াৰ লগতে প্রথম বিমানতেই USAIDএ ৯ লাখ ৬০ হাজাৰ ৰেপিড ডাইগনষ্টিক টেষ্ট কিট পঠাইছে যাতে ক’ভিডৰ সামাজিক সংক্রমণ ৰোধ কৰিব পৰা যায়। কেৱল সেয়ে নহয়, ক’ভিড যুদ্ধত প্রথম শাৰীৰ যোদ্ধাসকলৰ বাবে ১ লাখ N-95 মাস্কো পঠাইছে USAIDএ।

Supply

ভাৰতত প্রথম পৰ্যায়ত ১ হাজাৰ অক্সিজেন ছিলিণ্ডাৰ প্রদানৰ ব্যৱস্থা কৰিছে মার্কিন যুক্তৰাষ্ট্রই। সেই সমূহ ৩২০ জন  স্বাস্থ্যকর্মীৰ বাবে পঠোৱা হ’ব। ইয়াৰ বাবে ইতিমধ্যে দেশৰ ভিতৰত সকলোকে সাহায্যৰ বাবে আহ্বান জনোৱা হৈছে। 

মহামাৰীৰ আৰম্ভণিৰপৰাই ভাৰতক প্রায় ২৩ মিলিয়ন ডলাৰৰ সাহায্য আগবঢ়াইছে USAIDয়ে। ১০ মিলিয়ন ভাৰতীয় যাৰ ফলত উপকৃত হৈছে। ক’ভিডৰ দ্বিতীয় ঢৌত বাইডেনৰ সাহায্যৰ প্রথম বিমানে আজি অৱতৰণ কৰিছে নতুন দিল্লীত। উল্লেখ্য, প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে ফোনত কথা হোৱাৰ পিছত ক’ৰ’না সঙ্কটত ভাৰতৰ কাষত থকাৰ আশ্বাস দিছে মার্কিন ৰাষ্ট্ৰপতি জো বাইডেনে । 

Your Comments