ব্যাপক ক'ৰ'না সংক্ৰমণ:পশ্চিম বংগত আংশিক লকডাউন ঘোষণা

Pic

ব্যাপক ক'ৰ'না সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত পশ্চিম বংগ চৰকাৰে ৰাজ্যখনত আংশিক লকডাউন ঘোষণা কৰিছে।এই লকডাউনত শ্ব'পিং কমপ্লেক্স,বিউটি পাৰ্লাৰ,চিনেমা হল,ক্ৰীড়া প্ৰকল্প আৰু স্পা বন্ধ থাকিব।আনহাতে,বজাৰবোৰ প্ৰতিদিনে মাত্ৰ পাঁচ ঘণ্টাৰ বাবে খুলিবলৈ অনুমতি দিয়া হ'ব।পুৱা ৭-১০ বজা আৰু আবেলি ৩-৫ বজালৈ।

ৰেষ্টুৰাঁ,বাৰ,জিম আৰু চুইমিং পুল বন্ধ থাকিব।কিন্তু,ঘৰুৱা ডেলিভাৰী আৰু অন্যান্য অনলাইন সেৱাৰ অনুমতি দিয়া হ'ব।

সকলো সামাজিক, সাংস্কৃতিক, মনোৰঞ্জন আৰু শৈক্ষিক সমাৱেশ নিষিদ্ধ কৰা হৈছে।

ফাৰ্মাচী,চিকিৎসা সঁজুলি আৰু অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ বিপনীসমূহক আংশিক লকডাউনৰ পৰা ৰেহাই দিয়া হৈছে।

ইফালে,পশ্চিম বংগৰ আঠটা পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা ২ মে'ত অনুষ্ঠিত হ'ব।পশ্চিম বংগ চৰকাৰে উল্লেখ কৰিছে যে ভোট গণনা কেন্দ্ৰসমূহত সকলো কোভিড বিৰোধী নিয়ম অনুসৰণ কৰিব লাগিব।

Your Comments