আমেৰিকা, ব্ৰিটইন, অষ্ট্ৰেলিয়া, কানাডালৈ অসমৰ জৈৱিক চাহ

আমেৰিকা, ব্ৰিটইন, অষ্ট্ৰেলিয়া, কানাডালৈ অসমৰ জৈৱিক চাহ

আমেৰিকা, ব্ৰিটইন, অষ্ট্ৰেলিয়া, কানাডালৈ অসমৰ জৈৱিক চাহ

নিউজ ডেস্ক, ৭ জুলাইঃ বিশ্ব মানচিত্ৰত চাহৰ বাবে এক সুকীয়া স্থান দখল কৰি আহিছে অসমে৷ মাটিৰ গুণাগুণ অথবা পৰিৱেশৰ বাবেই অসমৰ চাহৰ সোৱাদ সুকীয়া৷ জীৱনশৈলী পৰির্তনৰ লগে লগে মানৱ সমাজৰ ৰুচিবোধো সলনি হৈছে৷ তেনেদৰে পৰিবর্তন আহিছে চাহ উদ্যোগৰ ক্ষেত্ৰতো৷ গ্ৰীণ টী, হোৱাইট টী, ব্লেক অৰ্থ’ডক্স টী, অৰ্গেনিক টী আদিয়ে শেহতীয়াভাৱে আন্তঃৰাষ্ট্ৰীয় বজাৰত চাহিদা লাভ কৰিছে৷ এনে পৰিৱৰ্তিত পৰিৱেশতো অসমক সৰ্বশ্ৰেষ্ঠ কৰি ৰাখিবলৈ একাংশ ক্ষুদ্ৰ চাহ খেতিয়কে অনবৰতে চেষ্টা অব্যাহত ৰাখিছে৷ বিশেষকৈ অসমত জৈৱিক পদ্ধতিৰে উৎপাদিত চাহে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ লগতে ঘৰুৱা বজাৰতো চাহিদা বৃদ্ধি পাইছে অসমৰ অৰ্গেনিক টী অথবা জৈৱিক চাহৰ৷ অসমৰ চাহ উদ্যোগত এনেদৰে সন্তৰ্পণে এক বিপ্লৱ গঢ়ি তোলাৰ বাবে কৃতিত্ব প্ৰদান কৰিব লাগিব প্ৰায় ৫০০ ক্ষুদ্ৰ চাহ খেতিয়কেৰে গঠিত অসম জৈৱিক ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাক৷ এই সংগঠনটোৰ প্ৰায় ১২৫জন সদস্যই বৰ্তমান নিজৰ ফেক্টৰীত জৈৱিক চাহ উৎপাদন কৰি আছে৷ লক্ষণীয় যে সংস্থাটোৰ সদস্যসকলে উৎপাদন কৰা চাহপাত ৰপ্তানি কৰা হয় কানাডা, ব্ৰিটেইন, অষ্ট্ৰেলিয়া, আমেৰিকা, নিউজীলেণ্ড আদি দেশলৈ৷ বিদেশত অসমৰ জৈৱিক চাহে বজাৰ লাভ কৰা সন্দৰ্ভত সংস্থাৰ সাধাৰণ সম্পাদক ভবেন্দ্ৰ মোহন বৰগোঁহায়ে কয় যে কানাডাৰ ‘ফাৰ্টাইল গ্ৰাউণ্ড’ নামৰ বেচৰকাৰী সংস্থাটোৰ সদস্য পেগী কাৰ্ছৱেলৰ বাবেহে এই কাৰ্য সম্ভৱপৰ হৈছে৷ ২০০৪ চনত কানাডাৰআমেৰিকা, ব্ৰিটইন, অষ্ট্ৰেলিয়া, কানাডালৈ অসমৰ জৈৱিক চাহ লোকজনে জৈৱিক চাহ উৎপাদনৰ কৌশল ক্ষু্দ্ৰ চাহ খেতিয়কসকলক শিকাই দিয়ে৷ কেৱল কৌশল শিকোৱাই নহয়, ৰাজ্যখনত উৎপাদিত জৈৱিক চাহক আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰি দিয়াৰ সুবিধাও কৰি দিয়ে কাৰ্ছৱেলে৷ সেয়াই আৰম্ভণি৷ ২০০৬ চনত কেইজনমান চাহ খেতিয়কে আৰম্ভ কৰা জৈৱিক চাহ উৎপাদনৰ লগত জড়িত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে৷ ২০১৬ চনত কানাডালৈ প্ৰায় ৬,০০০ কিঃগ্ৰাঃ গ্ৰীণ টী আৰু ২,০০০ কিঃগ্ৰাঃ ব্লেক অৰ্থ’ডক্স টী সংস্থাই ৰপ্তানি কৰে৷ তেনেদৰে আমেৰিকালৈ ১,৫০০ কিঃগ্ৰাঃ, ব্ৰিটেইনলৈ ২,০০০ কিঃগ্ৰাঃ, অষ্ট্ৰেলিয়ালৈ ১,৫০০ কিঃগ্ৰাঃ আৰু নিউজীলেণ্ডলৈ ৫০০ কিঃগ্ৰাঃ জৈৱিক পদ্ধতিৰে উৎপাদিত চাহ সংস্থাই ৰপ্তানি কৰিছে৷ একেসময়তে জৈৱিক চাহৰ এখন বিশাল বজাৰ অসমতে আছে বলিও বৰগোঁহায়ে সদৰী কৰে৷ অসমৰ পিছতে পশ্চিমবংগ, দিল্লী, মুম্বাই আদিত জৈৱিক চাহৰ যথেষ্ট সমাদৰ আছে৷ অৱশ্যে সংস্থাৰ সদস্যসকলৰ দ্বাৰা উৎপাদিত চাহৰ ৮০ শতাংশই ঘৰুৱা বজাৰত বিক্ৰী হয়৷ উল্লেখ্য যে ২০১৪ চনত জন্মলাভ কৰা সংস্থাটোৱে নতুন নতুন সদস্যভুক্তিৰ লগতে নতুন সদস্যসকলক প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰিছে৷ ৰাজ্যৰ বিভিন্ন চাহ বাগানত নতুন সদস্যসকলক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে সংস্থাটোৱে৷ আনহাতে, ২০১৬ চনত সংস্থাৰ সদস্যসকলে প্ৰায় ২০,০০০ কিঃগ্ৰাঃ চাহপাত উৎপাদন কৰিছিল৷ চলিত বৰ্ষত এই পৰিমাণ ৫০-৬০ হেজাৰ কিঃগ্ৰাঃ হ’ব বুলি সংস্থাই আশা প্ৰকাশ কৰিছে৷ সংস্থাটোৰ সদস্যসকলে গ্ৰীণ টী, ব্লেক টী, হোৱাইট টী, ওলং টী আৰু ঢেঁকীত খুন্দা চাহ উৎপাদন কৰি আহিছে৷ অৱশ্যে জৈৱিক পদ্ধতিৰে খেতি কৰিলে চাহ উৎপাদন যথেষ্ট কম হ’ব বুলি সংস্থাৰ সাধাৰণ সম্পাদকজনে জানিবলৈ দিয়ে৷ এই সন্দৰ্ভত তেওঁ কয় যে অত্যধিক যত্নৰে জৈৱিক চাহৰ বজাৰত অধিক মূল্যত বিক্ৰ কৰিবলগীয়া হয়৷ সম্প্ৰতি অসমৰ খুচুৰা বজাৰত জৈৱিক চাহৰ মূল্য প্ৰতি কিঃগ্ৰাঃত ২,০০০-২,৫০০ টকা৷ আনহাতে, সংস্থাটোৰ সদস্যসকলৰ ৰাজ্যৰ বিভিন্ন স্থানত নিজাববীয়াকৈ ফেষ্টৰী আছে৷ একেদৰে বিশ্বনাথত ২০টা, শিৱসাগৰত ১৫টা, তিনিচুকীয়াত ১২টা, গোলাঘাট আৰু শোণিতপুৰত প্ৰত্যেকতে ১০টাকৈ, ওদালগুৰিত ৬টা, যোৰহাট, লখিমপুৰ আৰু বঙাইগাঁৱত ৫টাকৈ, ধুবুৰীত ৪টা আৰু কোকৰাঝাৰত ৩টা ফেক্টৰী আছে৷ প্ৰত্যেকটো ফেক্টৰীতে ৩-৫জন লোক কৰ্মৰত হৈ আছে৷ একেদৰে সংস্থাৰ মুঠ ৫০০খন ক্ষুদ্ৰ চাহ বাগিচাৰ প্ৰত্যেকখনতে ৫-১৫জন লোকে স্থায়ী কৰ্মচাৰী হিচাপে কাম কৰি আছে৷ বৰ্তমান এই বাগিচাসমূহহে ২০-৩০ শতাংশ কেঁচাপাত বিক্ৰী কৰি আহিছে৷ কেৱল উৎপাদনতে নহয়, জৈৱিক চাহৰ বজাৰখন অধিক প্ৰসাৰ কৰাৰ লক্ষ্য বান্ধি লৈছে অসম ক্ষুদ্ৰ জৈৱিক চাহ খেতিয়ক সংস্থাই৷ ইয়াৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এখন বিপণী স্থাপন কৰিছে সংস্থাই৷ পৰৱৰ্তী সময়ত ৰাজ্যৰ আন স্থানসমূহতো বিপণী স্থাপন কৰাৰ পৰিকল্পনা কৰিছে৷ একে সময়তে ঘৰুৱা বজাৰৰ সমান্তৰালকৈ আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈয়ো গুৰুত্ব প্ৰদান কৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে৷ ইতিমধ্যে ‘teaorg’ নামৰ এটা ৱেবছাইটৰ জৰিয়তে জৈৱিক চাহৰ অনলাইন বিক্ৰীও আৰম্ভ কৰিছে সংস্থাটোৱে৷ লক্ষণীয় যে যথেষ্ট কষ্ট কৰি অসমৰ চাহ উদ্যোগক শক্তিশালী কৰিবলৈ ব্ৰতী হৈ অহা এইসকল ক্ষুদ্ৰ চাহ খেতিয়ক আজিও চৰকাৰী সাহায্যৰ পৰা বঞ্চিত৷ ব্যক্তিগত প্ৰচেষ্টাৰে নিজৰ লগতে আন দহজনক কৰ্মসংস্থাপন প্ৰদান কৰি চাহ খেতিত মনোনিবেশ কৰি আহিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে৷ এই সন্দৰ্ভত সংস্থাৰ সাধাৰণ সম্পাদক বৰগোঁহায়ে প্ৰকাশ কৰে যে বৃহৎ বাগানসমূহৰ বাবে বিভিন্ন আঁচনি আছে৷ কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কসকলক এতিয়াও চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই৷ নতুন চৰকাৰৰ সৈতে এই সন্দৰ্ভত পৰৱৰ্তী সময়ত আলোচনা কৰিব বুলিও সাধাৰণ সম্পাদকজনে জনায়৷

Your Comments