কোভিডৰ ইউকে(গ্ৰেট ব্ৰিটেইন)ষ্ট্ৰেইনে দিল্লীত কোভিড সংক্ৰমণৰ ঘটনা বৃদ্ধি কৰিছে।নেচনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰোল (এনচিডিচি)ৰ দ্বাৰা প্ৰকাশিত তথ্যত এয়া প্ৰমাণ হৈছে।এনচিডিচিৰ সূত্ৰই উল্লেখ কৰিছে যে দিল্লীত ইউকে স্ট্ৰেইনৰ ৪০০ ৰো অধিক সংক্ৰমণ আৰু ৭৬ টা ভাৰতীয় ডাবল মিউটেন্টৰ সংক্ৰমণ পোৱা গৈছে।
সমগ্র ভাৰতত কোভিডৰ ইউকে ষ্ট্ৰেইন মুঠ ১,৬৪৪ টা ,দক্ষিণ আফ্ৰিকাৰ ষ্ট্ৰেইনৰ ১১২ টা,ব্ৰাজিলৰ ষ্ট্ৰেইনৰ ১ টা আৰু ভাৰতত উদ্ভৱ হোৱা ডাবল মিউটেন্টৰ ৭৩২ টা সংক্ৰমণ পোৱা গৈছে।
এনচিডিচিৰ মতে,মাৰ্চ মাহত দিল্লীত ইউকে ষ্ট্ৰেইনৰ সংক্ৰমণ পূৰ্বৰ তনাত দুগুণ বৃদ্ধি পাইছে।
এনচিডিচিৰ সঞ্চালক সুজিত কুমাৰ সিঙে কয়,"ইউকে ষ্ট্ৰেইন দিল্লীৰ কোভিড সংক্ৰমণৰ উত্থানৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত।"
- Log in to post comments
- 6 views