ব্রিটেইনৰ কোম্পানী ষ্টোক পার্কক ৫৯২ কোটি টকাৰ বিনিময়ত কিনি ল’লে মুকেশ অম্বানিয়ে । ব্রিটেইনৰ আইকনিক কান্ট্রি ক্লাব আৰু বিলাসবহুল গল্ফ ৰিজ’ৰ্টৰ মালিক এইবাৰ এছিয়াৰ সকলোতকৈ ধনী ব্যক্তি তথা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিৰ মালিক মুকেশ অম্বানি। ব্ৰিটেইনৰ বাকিংহামছায়াৰত বিলাসবহুল হোটেল আৰু গল্ফ কোর্ছ ৰিলায়েন্সৰ কনজিউমাৰ এণ্ড হস্পিতালিটিৰ সম্পদত যুক্ত হ’ল বুলি বৃহস্পতিবাৰে জনাইছে সংস্থাটোৱে।
৩০০ একৰৰ ব্রিটিছ কান্ট্রি ক্লাবৰ ভিতৰত বিলাসবহুল হোটেল, কনফাৰেন্সৰ সুবিধাৰপৰা খেলাধুলাৰ সুবিধা আৰু ইউৰোপৰ অন্যতম বৃহৎ গল্ফ কোর্ছ আছে। উল্লেখযোগ্য যে, জেমছ বণ্ডৰ দুখন ছবি Goldfinger (1964) আৰু Tomorrow Never Dies (1997) এই দুখন ছবিৰ দৃশ্যগ্ৰহণ ষ্টোক পার্কতেই হৈছিল। ষ্টোক পার্কত ৪৯টা বিলাসবহুল বেডৰুম, ২৭ গর্তৰ গল্ফ কোর্ছৰ উপৰিও ১৩টা টেনিছ কোর্ট আৰু ১৪ একৰ বাগান আছে। ১৯০৮ চন পর্যন্ত ব্যক্তিগত আবাস হিচাপে ব্যৱহাৰ কৰা হৈছিল ষ্টোক পার্কক।
কিন্তু এয়ে প্রথম নহয়। ২০১৩ চনত ব্রিটিছ কোম্পানী অন্যতম বৃহৎ খেলনা প্রস্তুতকাৰী হেমলেছ কিনি লৈছিল মুকেশ অম্বানিয়ে।
- Log in to post comments
- 17 views