বাইডেনৰ জলবায়ু বৈঠকত থাকিব জিনপিঙো

Jinping

দুইদেশৰ সম্পর্ক মধুৰ নহয়। কিন্তু সেই 'ঐতিহ্য'ৰ এইবাৰ ব্যতিক্ৰম ঘটিল। কিয়নো, মার্কিন ৰাষ্ট্ৰপতিয়ে আহ্বান কৰা বৈঠকত বক্তৃতা দিব চীনা ৰাষ্ট্ৰপতিয়ে।

জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত এখন ভার্চুৱেল সম্মিলনৰ আহ্বান জনাইছে মার্কিন ৰাষ্ট্ৰপতি জো বাইডেনে । মুঠ ৪০খন দেশক ইয়াত অংশ ল’বলৈ আহ্বান জনাইছে তেওঁ। সেই ৪০খন দেশৰ তালিকাত আছে আমেৰিকাৰ প্ৰতিদন্দী চীনো। কিন্তু চীন আমেৰিকাৰ এই আহ্বানৰ প্ৰতি সহাঁৰি জনাইছে।

জানিবলৈ পোৱা গৈছে, চীনৰ ফালৰপৰা প্রথমে অলপ দ্বিধাবোধ আছিল যদিও পিছত তেওঁলোকৰপৰা সেউজ সংকেত দিয়ে। উক্ত বৈঠকত চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে কেৱল যে অংশ ল’ব সেয়াই নহয়, তেওঁ এটা বক্তৃতাও দিব বুলি জানিবলৈোপোৱা গৈছে।

Joe Biden

জো বাইডেন ৰাষ্ট্ৰপতিৰ আসনত বহাৰ পিছতেই গোলকীয় উষ্ণতাক গুৰুত্ব দিছে। যোৱা সপ্তাহত ছাংহাইত চীন আৰু আমেৰিকাৰ জলবায়ু প্রতিনিধিসকল বৈঠকত মিলিত হয়। তাত দুই দেশে গোলকীয় উষ্ণতাক যথোচিত গুৰুত্ব দিয়াৰ বিষয়ে একমত হয়। তাৰপিছতে ৰাষ্ট্ৰপতি জিনপিং বাইডেনে আহ্বান কৰা বৈঠকত অংশ ল’বলৈ সন্মত হয়।

আশা কৰা হৈছে, দুই মহাশক্তিশালী আৰু শিল্পোন্নত দেশৰ প্রধানৰ বৈঠকৰপৰা ইতিবাচক সিদ্ধান্ত বাহিৰলৈ আহিব।

Your Comments