উত্তৰ প্ৰদেশৰ পাঁচখন চহৰত লকডাউন নহয়:উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ স্থগিত ৰাখিলে উচ্চতম ন্যায়ালয়ে

Pic

উত্তৰ প্ৰদেশৰ পাঁচখন চহৰত কোনো লকডাউন নহ'ব। উত্তৰ প্ৰদেশ চৰকাৰৰ দ্বাৰা প্ৰত্যাহ্বান জনোৱা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ১৯ এপ্ৰিলৰ সন্ধিয়াৰ এটা নিৰ্দেশ উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিছে।এলাহাবাদ উচ্চ ন্যায়ালয়ে লক্ষ্ণৌ, প্ৰয়াগৰাজ, বাৰাণসী, কাণপুৰ আৰু গোৰখপুৰত ২৬ এপ্ৰিললৈকে লকডাউনৰ নিৰ্দেশ দিছিল।যোগী আদিত্যনাথ নেতৃত্বাধীন চৰকাৰে ইয়াক বলৱৎ কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু উচ্চতম  ন্যায়ালয়ৰ  দ্বাৰস্থ হৈছিল।

উত্তৰ প্ৰদেশ চৰকাৰে যুক্তি দিছিল যে ন্যায়িক আদেশৰ দ্বাৰা পাঁচখন চহৰ বন্ধ কৰাটো 'সঠিক পদ্ধতি নহ'বও পাৰে'। উত্তৰ প্ৰদেশ চৰকাৰে লগতে কৈছিল যে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশে উত্তৰ প্ৰদেশ চৰকাৰৰ অধিকাৰ ক্ষেত্ৰ উলংঘন কৰিছে।

Your Comments