দ্ৰুত গতিত ভেকচিন প্ৰস্তুতকৰণ:প্ৰস্তুতকৰ্তা কোম্পানীক অগ্ৰিম ৪,৫০০ কোটি প্ৰদান কেন্দ্ৰীয় চৰকাৰৰ

Pic

দেশত দ্ৰুত গতিত ভেকচিন প্ৰস্তুত কৰা প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ পদক্ষেপ।

কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ দুটা কোভিড ভেকছিন নিৰ্মাতা কোম্পানীক অহা জুলাই মাহলৈকে ১০০ শতাংশ অগ্ৰিম ধন প্ৰদান কৰিছে।বিত্ত মন্ত্ৰালয়ৰ  সূত্ৰই এই বিষয়ে জনাইছে।কোভিড ভেকচিন প্ৰস্তুতকৰ্তা কোম্পানী 
চিৰাম ইনষ্টিটিউটক (যি কভিশ্বিল্ড  ভেকচিন উৎপাদন কৰে) ৩,০০০ কোটি টকা আৰু ভাৰত বায়োটেকক (যি ক'ভাক্সিন ভেকচিন উৎপাদন কৰে)১,৫০০ কোটি টকা আগতীয়াকৈ প্ৰদান কৰা হৈছে।

দুয়োটা কোম্পানীৰ হাতত যাতে ভেকচিনৰ উৎপাদন অব্যাহত ৰাখিবলৈ আৰু বৃদ্ধি কৰিবলৈ প্ৰয়োজনীয় পুঁজি থাকে,তাৰ বাবে এই পুঁজি আগতীয়াকৈ যোগান ধৰা হৈছে।

Your Comments