*প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ক’ৰ’না মোকাবিলা সংক্ৰান্তীয় চিঠি প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ*
ক’ৰ’না পজিটিভ হ’ল প্রাক্তন প্রধানমন্ত্রী মনমোহন সিং। সোমবাৰে ক’ৰ’না টেষ্টৰ ৰিপোর্ট পজিটিভ অহাৰ পিছত তেওঁক অনতিপলমে ভর্তি কৰা হয় দিল্লীস্থিত AIIMS-ত।
দেওবাৰেই দেশ জুৰি ক’ৰ’না সংক্রমণৰ মোকাবিলাত ৫ দফা পৰামর্শ আগবঢ়াই প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ এখন চিঠি প্ৰেৰণ কৰিছিল মনমোহন সিঙে। লগতে ক’ৰ’নাৰ মোকবিলাত কেন্দ্রৰ ত্রুটিৰ কথা তুলি ধৰিছিল উক্ত চিঠিত। প্রাক্তন প্রধানমন্ত্রী গৰাকীয়ে লিখিছিল, সকলো সময়ত সংখ্যাগৰিষ্ঠতাৰ কথা মনত ৰাখি চলিলে নহ’ব। বৰং মনত ৰাখিব লাগিব দেশৰ কিমান শতাংশ মানুহক ক’ৰ’না টিকা দিয়া হ’ল।
দেশত ক’ৰ’না সংক্রমণ যিদৰে বৃদ্ধি পাইছে তাৰ ফলত দিল্লী সহ একাধিক ৰাজ্যত ক’ৰ’বাত যদি লক্ডাউন, আন ক’ৰ’বাত নাইট কার্ফিউ জাৰি কৰা হৈছে। বিগত ২৪ ঘণ্টাত দেশত ক’ৰ’না আক্রান্ত হৈছে ২.৭৩ লাখ মানুহ। বৰ্তমানলৈকে আক্রান্ত দেৰ কোটিৰো অধিক। মনমোহন সিঙে তেওঁৰ চিঠিত লিখিছে ক’ৰ’নাৰ বিৰুদ্ধে যুঁজত আমাৰ প্রধান কৰ্তব্য হ’ব দেশৰ প্রত্যেকজন মানুহক ভেক্চিন দিয়া। দেশৰ কিমান মানুহক ভেক্চিন দিয়া হ’ল তাতকৈ বেছি হিচাপ ৰখা প্রয়োজন দেশৰ কিমান শতাংশ লোকক ভেক্চিন দিয়া হ’ল।
আনহাতে, এনে পৰিস্থিতিতো দলীয় ৰাজনীতি আঁতৰাই নথৈ উক্ত চিঠি সন্দৰ্ভত মনমোহনৰ বিৰুদ্ধে সৰৱ হৈ পৰে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষবর্ধন আৰু সোমবাৰে অভিযোগ কৰি কয়, “দেশৰ কংগ্রেছ শাসিত ৰাজ্যসমূহত দ্ৰুতগতিত বাঢ়িছে ক’ৰ’না সংক্রমণ। সেইসমূহ ৰাজ্যত ভেক্চিনৰ ক্ষেত্ৰতো অৱস্থা বৰ সুবিধাজনক নহয়। ভেক্চিনৰ কথা মনমোহন জীয়ে কিছু পৰিমাণে বুজিলেও কিছু কংগ্রেছ নেতাৰ অবৈজ্ঞানিক মন্তব্যৰ ফলত বহু কংগ্রেছ শাসিত ৰাজ্যত বহু প্রবীণ মানুহে ভেক্চিন পোৱা নাই। দেশৰ এই পৰিস্থিতিত যদি গঠনমূলক পৰামর্শ দিয়ে তেনেহ’লে মানুহে আপোনাক মনত ৰাখিব”।
- Log in to post comments
- 7 views