এটা হ্রদ। তাৰ পাৰত যিমান দূৰলৈ চকু যায় কেৱল প্লাষ্টিক আৰু প্লাষ্টিক! পানী নাই!
বলিভিয়াৰ উৰু উৰু হ্ৰদৰ এয়াই অৱস্থা বৰ্তমান। এই দৃশ্য দেখি আতঙ্কিত হৈ উঠিছে পৰিৱেশবিদসকলৰ। হ্ৰদটোত ভাঁহিছে বৰ্জিত প্লাষ্টিকৰ বটল, কন্টেইনাৰ, খেলা সামগ্ৰী, টায়াৰ ইত্যাদিয়ে আৰু এই আৱৰ্জনাৰ আকৃতি বিশাল হৈ গৈ আছে প্ৰতি দিনে ৷ প্রাকৃতিক সম্পদৰ এনে প্ৰদূষণ কল্পনাৰো অতীত। কিন্তু ইয়াত সেয়াই বাস্তৱ।
২০১৬ চনত পশ্চিম বলিভিয়াৰ হাইলেণ্ড লেক অঞ্চলত তীব্র অনাবৃষ্টিয়ে দেখা দিছিল। সেই সময়ত জলস্তৰ যথেষ্ট নামি গৈছিল। ইয়াৰ পিছতো এই এলেকাৰ লেকৰ পানীৰ ওপৰত প্লাষ্টিকৰ পাহাৰ।
সেয়ে এইবাৰ স্থানীয় লোক আৰু কেইটামান সংগঠনে এই হ্ৰদৰ আৱর্জনা পৰিষ্কাৰৰ উদ্যোগ লৈছে। শতাধিক লোকে হাতে কামে লাগিছে এই ক্ষেত্ৰত। তেওঁলোকে পৰিষ্কাৰ কাৰ্যসূচী আগবঢ়াবলৈ লৈ প্ৰত্যক্ষ কৰে যে, উক্ত হ্ৰদটো পানী নাই। কেৱল প্লাষ্টিক আৰু অন্যান্য আৱর্জনা। ইয়াৰ মাজতে তলিত যিখিনি পানী ৰৈ গৈছে পাৰ্শ্বৱতী অঞ্চলৰ খনি আৰু শিল্পাঞ্চলৰ বর্জ্যত সেইকণো প্ৰদূষিত হোৱাৰ পৰা ৰক্ষা পৰা নাই।
আনহাতে এই হ্ৰদক কেন্দ্র কৰি যি জীৱবৈচিত্র্য গঢ়ি উঠিছিল সেয়াও সমূলে বিনষ্ট হৈ পৰিছে। এই সন্দৰ্ভত পৰিৱেশবিদসকল অতি চিন্তাম্বিত ।
- Log in to post comments
- 15 views