কিছুদিনৰ ভিতৰতে ভাৰতলৈ আহিব নীৰৱ মোদী! প্ৰত্যৰ্পণত সম্মতি দিলে ইংলেণ্ডৰ আদালতে

Nirav Modi

লণ্ডনৰ বেংকত একাউণ্ট খুলিবলৈ গৈ আটক। অৱশেষত পিএনবি কেলেংকাৰীত অভিযুক্ত নীৰৱ মোদীৰ প্ৰত্যৰ্পণত সেউজ সংকেত দিলে ব্রিটিছ চৰকাৰে। অর্থাৎ বৰ্তমান বিচাৰিলেই নীৰৱক দেশলৈ ঘুৰাই আনিব পাৰিব ছিবিআই-এ। 

কেৱল ঋণ পূৰাব নোৱাৰাই নহয়, পাঞ্জাৱ নেচনেল বেংক বা PNB-ত ১৩ হাজাৰ কোটি টকা আত্মসাৎ কৰাৰ ঘটনাতো অভিযুক্ত নীৰৱ মোদী। প্রায় ২ বছৰ ধৰি প্রত্যর্পণৰ মোকৰ্দমা চলিছে ইংলেণ্ডৰ আদালতত। ফেব্ৰুৱাৰী মাহত লণ্ডনৰ ৱেষ্টমিনিষ্টাৰ মেজাষ্ট্ৰেটছ্‌ কোর্টত বিচাৰকে স্পষ্ট ভাৱে জনাই দিছিলে,আর্থিক প্রতাৰণাৰ মোকৰ্দমাত অভিযুক্তৰ বিৰুদ্ধে যথেষ্ট তথ্য-প্রমাণ আছে। ভাৰতীয় বিচাৰ ব্যৱস্থাৰ মুখামুখি হ’ব লাগিব নীৰৱ মোদী। কেৱল সেয়ে নহয়, তেওঁক ভাৰতলৈ ঘুৰি যোৱাৰো নির্দেশ দিয়ে আদালতে। ইয়াৰ পিছত নিয়ম অনুসাৰে সেই নির্দেশনামা পঠিয়াই দিয়া হয় ব্রিটেইনৰ গৃহ সচিবক। ২ মাহ পিছত আদালতৰ নির্দেশনামাত স্বাক্ষৰ কৰিলে তেওঁ। সকলো ঠিকে থাকিলে অহা কিছুদিনৰ ভিতৰতে দেশলৈ ঘুৰাই পঠিওৱা হ’ব নীৰৱক। 

ভাৰত চৰকাৰে আগতে পাছপোর্ট বাতিল কৰি দিছিল। ২০১৯ চনৰ ১৪ মার্চত লণ্ডনৰ এটা বেংকত একাউণ্ট খুলিবলৈ গৈ গ্রেপ্তাৰ হয় নীৰৱ মোদী। ইয়াৰোপৰি জানিবলৈ পোৱা গৈছে, নীৰৱৰ নামত একাধিক পাছপোর্ট আছে। সকলোবিলাক বৰ্তমান মেট্র’পলিটান আৰক্ষীৰ হাতত জব্দ হৈ আছে,  আৰু এখন পাছপোর্ট ব্রিটেইনৰ গৃহমন্ত্ৰালয়ত। ব্রিটেইনৰ গৃহমন্ত্ৰালয়ৰ হাতত থকা পাছপোর্টখনৰ অৱশ্য ম্যাদ উকলি গৈছে। বাদ পৰা নাই ৰেছিডেন্সি কার্ডো। সংযুক্ত আৰৱ আমিৰাত, সিঙ্গাপুৰ আৰু হংকঙৰ দৰে একাধিক দেশত থকাৰ অনুমতি লৈ ৰাখিছিল নীৰৱ মোদীয়ে। উল্লেখ্য, ২০১৯ চনত লোকসভা ভোটৰ সময়ত বিজয় মালিয়াৰ প্ৰত্যৰ্পণৰো অনুমতি পোৱা গৈছিল। আইনী জটিলতাত তেওঁক কিন্তু দেশলৈ ঘুৰাই আনিব পৰা নাযাব বৰ্তমান। নীৰৱ মোদীৰ ক্ষেত্রতো তেনে নহয়তো? নজৰ ৰখা যাব সেই দিশত।

Your Comments