কৰ’নাৰ সংক্ৰমণ বৃদ্ধিৰ ফলত চট্টিশগড়ৰ ১৪খন জিলাত চৰকাৰে ঘোষণা কৰিলে লকডাউন

Corona epidemic

চট্টিশগড়ত কৰ’নাৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাৰ  ফলত “ভূপেশ বাঘেল চৰকাৰে” ১৪খন জিলাত লকডাউন ঘোষণা কৰিছে। 

উক্ত ১৪ খন জিলাৰ ভিতৰত ৰায়পুৰ, দুৰ্গ, ধমতৰী, বালোদ, কোৰিয়া, বেমেতৰা, ৰাজনাদগাঁও, জশপুৰ, বলৌদাবাজাৰত লকডাউন আৰম্ভ হৈ গৈছে। আনহাতে, কোৰবাত ১২ এপ্ৰিলৰ পৰা, সৰগুজাত ১২ আৰু ৰায়গড়, মহাসমুন্দ, বিলাসপুৰত ১৩ এপ্ৰিলৰ পৰা সম্পূৰ্ণ লকডাউন কাৰ্যকৰী হ’ব। লকডাউনৰ সময়ছোৱাত কেৱল জৰুৰীকালীন সেৱাসমূহ চলি থকাৰ লগতে সকলো জিলাৰ সীমা ছীল থাকিব।

লকডাউনৰ সময়ছোৱাত এখন জিলাৰ পৰা আন এখন জিলালৈ যাবলৈ ই–পাছ ল’ব লাগিব। চট্টিশগড়ত কৰ’না আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ১৪,০৯৮জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে আন ৯৭জন লোকৰ মৃত্যু হৈছে। এই সকলোখিনি মিলাই ৰাজ্যখনত কোৰোণা পজিটিভ লোকৰ সংখ্যা ৪ লাখ ৩২ হাজাৰ হৈছেগৈ। বৰ্তমান চিকিৎসাধীন হৈ আছে ৮৭,০০০। আনহাতে বিগত ২৪ ঘণ্টাত ৪,৬৬৮জন লোক সুস্থ হৈ উঠা বুলি জানিব পৰা গৈছে ৷

Your Comments