মিছৰৰ পথত শোভাযাত্রাত চামিল হাজাৰ বছৰ আগৰ ৰজা-ৰাণী সকলৰ

Mummy

হাজাৰ বছৰ জীয়াই থকা কোনো ৰজা-ৰাণীৰ কাহিনী কোনেও নাজানে। প্ৰকৃততে কাইৰোৰ ৰাজপথৰ শোভাযাত্রাত থাকিব মিছৰৰ বহু কেইটা মামী। ২২টা মামীক লৈ এই শোভাযাত্রা হ’ব।

এক ব্রিটিছ সংবাদমাধ্যমৰ সূত্রৰ পৰা জানিব পৰা গৈছে, মুঠ ১৮ জন ৰজা আৰু ৪ গৰাকী ৰাণীৰ মামীয়ে মিছৰৰ এই শোভাযাত্রাত অংশ ল’ব। প্ৰকৃততে এই মামীসমূহ স্থানান্তৰিত কৰা হ’ব। মামী সমূহৰ বাবে নতুন সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছে পুৰণা বাসস্থানৰপৰা ৫ কিলোমিটাৰ দূৰত। তালৈ লৈ যোৱা হ’ব ২২টা মামী। মামী সমূহ ১৮৮১ ৰপৰা ১৮৯৮ চনৰ ভিতৰত আৱিষ্কৃত হৈছিল বুলি জানিব পৰা গৈছে। কোৱা হৈছে, প্রতিটো মামীক লৈ যোৱা হ’ব সুসজ্জিত বাহনত। মামী কঢ়িয়াই নিয়া বাহন সমূহ ঘেৰি থাকিব অন্য গাড়ীয়ে। থাকিব ঘোঁৰাই টনা ৰথৰ ৰেপ্লিকাও।

জানিব পৰা গৈছে, মামীসমূহৰ শোভাযাত্রা উপলক্ষে নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে। মিছৰত প্ৰকৃততে মামীক ৰাষ্ট্ৰীয় সম্পদ হিচাপে বিবেচনা কৰা হয়। নতুন সংগ্ৰহালয়ৰ নাম 'নেচনেল মিউজিয়াম অব্‌ ইজিপ্টিয়ান ছিভিলাইজেচন'।

Your Comments