ইন্দোনেছিয়াৰ বৃহত্তম তেল শোধনাগাৰত ঘটিল এক ভয়ঙ্কৰ অগ্নিকাণ্ড। বিস্ফোৰণৰ শব্দত হার্ট এটেক হৈ এজনৰ মৃত্যু হোৱাৰ খবৰো পোৱা গৈছে। ঘটনাযত ১৫ জন আহত হৈছে। স্থানীয় পৰিয়ালসমূহক অন্য ঠাইলৈ স্থানান্তৰ কৰাৰ কাম দ্রুতগতিত আৰম্ভ হৈছে।
সোমবৰে ভয়ঙ্কৰ বিস্ফোৰণৰ শব্দত কঁপি উঠে ইন্দোনেছিয়াৰ উক্ত তেল শোধনাগাৰৰ কাষৰীয়া এলেকাসমূহ। ঘটনাৰ পিছত জুয়ে গ্রাস কৰিবলৈ আৰম্ভ কৰে দাতিকাষৰীয়া অঞ্চলসমূহো। পশ্চিম জাভাত অৱস্থিত বলোনগান শোধনাগাৰটো চৰকাৰী তেল সংস্থা পার্টামিনাৰ ৷
পাৰ্টামিনাৰ সভাপতি সঞ্চালক নিক ৱিদ্য়াৱাতিয়ে জনাইছে, বৰ্তমান পৰিস্থিতি নিয়ন্ত্রণত ৷ ইয়াৰোপৰি তেওঁ আশ্বস্ত কৰি কয় যে, এই দুর্ঘটনাৰ ফলত তেলক লৈ কোনো সঙ্কটৰ সৃষ্টি নহয় ৷
এই ঘটনাত কমপক্ষেও ১৫ জন লোক আহত হৈছে আৰু এজনৰ মৃত্যু হৈছে। আনহাতে, আন ৩ জন সন্ধানহীন হৈ আছে।
- Log in to post comments
- 8 views