শেহতীয়াকৈ ব্যাপক ভাবে চৰ্চালৈ আহিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা কেইখন মান ফটোৱে। সেই ফটো কেইখন বিজয়নগৰত বাস কৰা য়ুবিন জনজাতিৰ লোকসকলক লগ কৰিবলৈ অৰুণাচলৰ মিয়াওৰ পৰা বিজয়নগৰলৈকে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা যাত্ৰাৰ সময়ৰ ।
উক্ত ফটো কেইখনত দেখিবলৈ পোৱা গ’ল কি দৰে কঠিন পথ অতিক্ৰম কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে গাড়ী চলাই আগবাঢ়িল ৷ চাৰিওফালে কেৱল বোকাৰে ভৰা কণ্টকময় পথ ৷ বোকাত মাজে মাজে আবদ্ধ হৈ পৰিছিল মুখ্যমন্ত্ৰীৰ কনভয়। বোকাত আবদ্ধ গাড়ী দেহৰক্ষীৰ সৈতে ঠেলি অৱশেষত উপস্থিত হয়গৈ লক্ষ্য স্থানত।
- Log in to post comments
- 16 views