পানীত নহয়, মাটিত নাও! সৃষ্টি হ’ল যানজট

Boat

এইবাৰ মানুহ অহা যোৱা কৰা স্থলপথত নাও ৷ এই ঘটনা ঘটিছে আমেৰিকাৰ ফ্লোৰিডাৰ পেনহেণ্ডলে অ’কালোছা কাউন্টিত। কাউন্টিৰ ব্যস্ততম আন্তঃৰাজ্যিক ১০ নং ঘাইপথত সংঘটিত হৈছে এই ঘটনাৰ। 

স্থানীয় হাইৱে’ টহলদাৰী দলৰ সদস্য লেফটেনেন্ট জেছন কিঙে জনাইছে, হাইৱে’ৰে গৈ আছিল এখন পিক্‌আপ ট্রাক। ট্ৰাকখনে কঢ়িয়াই নিছিল গুলীয়া ৰঙৰ ৩৮ ফুট দৈর্ঘ্যৰ এখন নাও। বিপত্তি আহিল এক অ’ভাৰপাছ পাৰ হ’বলৈ যাওঁতে। তুলনামূলক ভাৱে তলত থকা অ’ভাৰপাছটোত সজোৰে খুন্দা খাই বান্ধি অনা নাওখনে। খুন্দা খাই নাওখন হাইৱে’ৰ মাজত ছিটিকি পৰে ৷ 

ইয়াৰ ফলত ব্যস্ত ঘাইপথটোত যান-বাহন চলাচলত সাময়িক বাধা আহি পৰে। ঘণ্টাদিয়েক ধৰি তীব্র যানজটৰ সৃষ্টি হয়। ঘটনাৰ পিছদিনা ৰাতিপুৱা নাওখন পথৰপৰা আঁতৰোৱা হয়।

Your Comments