ম্যানমাৰত যোৱা দুমাহৰ ভিতৰত সকলোতকৈ বেয়া দিন, মৃত্যু ৬৪ আন্দোলনকাৰীৰ

Myanmar

সেনাশাসনৰ বিৰুদ্ধে যোৱা দুমাহ ধৰি বিক্ষোভ কৰি আহিছে ম্যানমাৰৰ গণতন্ত্রপন্থী জনসাধাৰণে। শনিবাৰে ৰাতিপুৱাৰপৰা সেই ঠাইত বিদ্ৰোহীসকলক নিয়ন্ত্রণ কৰিছে সেনাবাহিনীয়ে । ৰাতিপুৱাৰপৰা গুলি চালনাও চলি আছে বুলি অভিযোগ উঠিছে। কমপক্ষেও ৬৪ জন লোকে প্রাণ হেৰুৱাইছে। 

একেদিনাই ম্যানমাৰত সেনাৰ গুলিত ১টা ল’ৰাৰ মৃত্যুৰ খবৰ পোৱা গৈছে। ইয়াৰোপৰি মৃতসকলৰ ভিতৰত বহুকেইটা শিশুও আছে বুলি জানিব পৰা গৈছে।

যোৱা দুইমাহত সেনাৰ গুলিত প্রায় ৪০০ জন লোকৰ প্রাণ হেৰাইছে ম্যানমাৰত। ইয়াৰ ভিতৰল শনিবাৰে সকলোতকৈ ৰক্তাক্ত দিন হিচাপে চিহ্নিত হৈ ৰ’ল বুলি মত প্ৰকাশ কৰিছে সংশ্লিষ্ট মহলে।

গণতন্ত্র ৰক্ষাৰ দাবীত ম্যানমাৰত সেনা অভ্যুত্থান ঘটোৱা হৈছে বুলি ইয়াৰ আগত স্পষ্টীকৰণ দিছিল ম্যানমাৰৰ ক্ষমতাত থকা জুন্টা নেতৃত্বই ৷ কিন্তু সেনাৰ হাতত অপসাৰিত সেই দেশৰ জুন্টা-বিৰোধী চৰকাৰৰ মুখপাত্রই কয়, 'দেশৰ সশস্ত্র বাহিনীৰ বাবে আজিৰ দিনটো লজ্জাজনক।'

Your Comments