আসন্ন জলবায়ুৰ শীৰ্ষ সম্মিলনলৈ মোদীক আমন্ত্ৰণ বাইডেনৰ

Joe Biden

জলবায়ু সম্মিলনত একত্ৰিত হ’বলৈ আগবাঢ়িছে সমগ্ৰ পৃথিৱীৰ ৰাষ্ট্রনেতাসকল। মার্কিন ৰাষ্ট্ৰপতি জো বাইডেনে আমন্ত্রণ জনাইছে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক ৷ 

জলবায়ু সংক্রান্তীয় এক সম্মিলনত চল্লিশজন ৰাষ্ট্রনেতা সম্মিলিত হ’ব। দুদিনীয়া এই ভাৰ্চুৱেল সম্মিলন অনুষ্ঠিত হ’ব এপ্রিলৰ ২২ আৰু ২৩ তাৰিখে। এই আলোচনা জনসাধাৰণৰ বাবে সম্প্রচাৰ কৰা হ’ব ৷

শণিবাৰে  হোৱাইট হাউছৰ তৰফৰপৰা জনোৱা হৈছে, এই নৱেম্বৰ গ্লাছগ’ত যি জলবায়ু সম্মিলনৰ আয়োজন কৰা হৈছে, United Nations Climate Change Conference (COP26)ৰ আগত এই ভার্চুৱেল কন্‌ফাৰেন্স অতি গুৰুত্বপূর্ণ হ’ব।

মোদীৰ বাহিৰেও বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনা আৰু ভূটানৰ  প্রধানমন্ত্রী লটেই ছেৰিঙকো দক্ষিণ এছিয়াৰপৰা উক্ত সম্মিলনখনত যোগদান কৰিবলৈ আমন্ত্রণ জনোৱা হৈছে।

পেৰিছ চুক্তিৰ প্ৰতি লক্ষ্য ৰাখি সেই সম্মিলনত আমেৰিকাই ২০৩০ চনৰ বাবে এটা টার্গেট প্লেন ঘোষণা কৰিব (ambitious 2030 emissions target) বুলি হোৱাইট হাউছৰ সূত্রৰপৰা জানিব পৰা গৈছে।

Your Comments