ক'ৰ'নাই পুনৰ মূৰ দাঙি উঠিছে:প্ৰতিৰোধী সাৱধানতাৰে হোলী উদযাপন কৰোঁ আহক

Pic

--ৰাজকমল চাংকাকতি--

ফাকুৱা অথবা হোলীৰ আজিৰ দিনটোত যোৱা ফাকুৱাৰ পৰা আজিৰ ফাকুৱাৰ মাজৰ এটা বছৰৰ কথা প্ৰথমে মনত পেলাবলৈ বিচাৰিছোঁ।আজি ফাকুৱাৰ দিনটোত হাতত,মুখত আবিৰ আৰু হৃদয়ত উৎসৱময় ৰঙৰ ঢৌ।২০২০চনৰ হোলীৰ ৯-১০ মাৰ্চৰ দিন দুটাটো এনেদৰেই আছিল ফল্গুৎসৱৰ আনন্দ।কিন্তু তাৰ পিছত...মাজৰ এটা বছৰ পাহৰিব নোৱাৰাকৈ আঁউসীময়।২০২০ৰ মাৰ্চৰ পৰাই ক'ৰ'না নামৰ ক্ষুদ্রাতি ক্ষুদ্ৰ ভাইৰাছটো কোটি কোটি লোকৰ জীৱন-পথত ক্ৰমশঃ মহাসংকটৰ বিৰাট পাহাৰ যেন হৈ পৰিল।পৰৱৰ্তী পৰ্যায়ত আগমণ ঘটিল কৰ্মহীনতা,হতাশা,অসুস্থতা,আৰু অকাল মৃত্যুময় চকুপানীৰে উপচি পৰা দিনবোৰৰ।বিগত বছৰটোত এইদৰেই আমি অতি মৰ্মান্তিক ঘটনাপ্ৰৱাহৰ সন্মুখীন হ'লো।আমি দেখিলোঁ বেপৰোৱা মনোভাৱে কেনেদৰে বহু সুন্দৰ জীৱনক কেইটামান দিনৰ ভিতৰতে চিৰনিস্তব্ধ কৰি তুলিলে।কাৰোবাৰ অসাৱধনতা আৰু অত্যুৎসাহে কিদৰে বহু পৰিয়ালৰ জীৱনত চিৰদিনৰ বাবে হুমুনিয়াহ আৰু তীক্ষ্ণ বেদনাই ঘৰ পতাৰ বাট মুকলি কৰি দিলে...

       আমি বুজি উঠিছোঁ কেনেদৰে প্ৰতিৰোধ কৰিবলৈ পাৰি।নিজকে নিয়ন্ত্ৰণ কৰি,ইচ্ছাবোৰৰ ওপৰত কঠোৰভাৱে লেকাম লগালেই ক'ৰ'না ৭০ শতাংশ প্ৰতিৰোধ হ'ব।আজি প্ৰথমতে মনত পেলাওঁ আহক ২০২০ত হোলী উদযাপন কৰাৰ পিছতেই ক্ৰমান্বয়ে ক'ভিডৰ শাখা-প্ৰশাখা কেনেদৰে চৌদিশে বিয়পি পৰিছিল।২৪ মাৰ্চৰ পৰা লকডাউনত স্তব্ধ হৈ পৰিছিল দেশ।গতিকে,হোলী বা ফল্গুৎসৱ পালন কৰোঁ আহক,কিন্তু নিজকে নিয়ন্ত্ৰণৰে,জনসমাগম সৃষ্টিৰ পৰা বিৰত থাকি তথা পৰিহাৰ কৰি।সকলো সময়ত মাস্ক-চেনিটাইজাৰ ব্যৱহাৰ কৰি।আমি মনত ৰাখিব লাগে যে প্ৰতিটো জীৱনেই অতি মূল্যৱান।বৰ্তমান ৰাজ্যত সংক্ৰমণ কিছু কম যদিও এজন-দুজন মানুহৰ মৃত্যুৰ ঘটনাও সংঘটিত হৈ আছে।সকলো সচেতন লোকৰ কিছু সাৱধানতা,উৎসৱ উদযাপনত সংযমে হয়তো ভৱিষ্যতে এই এজন-দুজনৰ মৃত্যুও প্ৰতিহত কৰিব পাৰিব।অধিক মৃত্যু হোৱাৰ সম্ভাৱনা কলিতে বিনাশ কৰিব।গুৰুত্বপূৰ্ণভাৱে সর্বক্ষণত মনত ৰখাৰ দৰকাৰ,টীকাকৰণে সকলো নাগৰিককে সামৰি ল'বলৈ এতিয়াও বহুদিন লাগিব।ক'ৰ'নাৰ দ্বিতীয় ষ্ট্ৰেইনক সাম্প্ৰতিক টীকাসমূহে কিমান প্ৰতিৰোধ কৰিব পাৰিব,সেয়া এতিয়াও গৱেষণাৰ বিষয়।
        এইবাৰ হোলী বা ফাকুৱা উৎসৱ উদযাপন কৰোঁ আহক ইয়াৰ তাৎপৰ্য আৰু ইয়াত নিহিত হৈ আধ্যাত্মিক আৰু মানৱ-প্ৰেমৰ বাৰ্তাক দৈনন্দিন জীৱনৰ সৈতে সংযুক্ত কৰি।ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ মাজত আছিল গভীৰ-নিঃস্বাৰ্থ আত্মিক প্ৰেম আৰু সেই প্ৰেম-ভালপোৱাৰ উদযাপনেই হোলী।যদি আমাৰ সম্পর্কসমূহত অথবা দৈনন্দিন জীৱন-যাত্ৰাত এনে আত্মিক চেনেহক সংযুক্ত কৰি লোৱাৰ সংকল্প আমি হোলীৰ দিনটোতে ল'বলৈ পাৰোঁ,এয়াই হ'ব প্ৰকৃত উদযাপন।ফাকুৱাৰ দিনটোতে যদি আমি পৰস্পৰে পৰস্পৰৰ প্ৰতি সর্বদা সংবেদনশীল-দয়াশীল হোৱাৰপ সংকল্প গ্ৰহণ কৰিবলৈ পাৰোঁ,সেয়াই হ'ব হোলীৰ মানৱ কল্যাণকামী আধ্যাত্মিক বাৰ্তাক পূৰ্ণৰূপত গ্ৰহণ।আনহাতে,অসূয়া শক্তিক মষিমূৰ কৰাৰ যি বাৰ্তা হোলিকা দাহে দিয়ে,অপশক্তিৰ বিৰুদ্ধে যুঁজাৰ বাবে অতি গুৰুত্বপূৰ্ণ সেই বাৰ্তা গ্ৰহণ আৰু কাৰ্যৰূপায়ণ।এইবাৰৰ হোলী সুশৃংখলিতভাৱে,প্ৰকৃতাৰ্থত আধ্যাত্মিকভাৱে পালন কৰোঁ আহক।

       বিগত কিছু বছৰত ফাকুৱা উদযাপনত পৰিলক্ষিত হোৱা উচ্ছৃংখলতা যদি এইবাৰো প্ৰত্যক্ষ কৰা হয়,সেয়া পুনৰবাৰ হোলীৰ আধ্যাত্মিকতাত কুঠাৰাঘাত হোৱাৰ লগতে ক'ভিড সংক্ৰমণ বৃদ্ধিৰ শংকাও দুগুণে বঢ়াই তুলিব।

      
      
      

     

Your Comments