তিস্তা-ফেনীৰ জলবন্টন সন্দৰ্ভত কথা, মোদীৰ বাংলাদেশ ভ্ৰমণত ৫ চুক্তিত স্বাক্ষৰ ভাৰতৰ

Modi-Hassina

প্রধানমন্ত্রীৰ দুদিনীয়া বাংলাদেশ ভ্ৰমণত মুঠ ৫খন চুক্তিত স্বাক্ষৰ কৰিল ভাৰতে। কথা হৈছে তিস্তা আৰু ফেনী নদীৰ জলবন্টন সন্দৰ্ভতো। 

বাংলাদেশ ভ্ৰমণক লৈ প্রধানমন্ত্রীয়ে টুইট কৰিছে, একাধিক গুৰুত্বপূর্ণ বিষয়ত বাংলাদেশৰ সৈতে কেইবাখনো চুক্তিত স্বাক্ষৰ কৰিছে ভাৰতে। ইয়াৰ ভিতৰত আছে প্রাকৃতিক বিপর্যয়ৰ সৈতে মোকাবিলা, খেলা-ধুলা, বাণিজ্য আৰু প্রযুক্তি। এই সকলো চুক্তিৰ ফলত দুইখন দেশৰ মানুহ বিশেষকৈ তৰুণ প্ৰজন্ম বিশেষ ভাৱে উপকৃত হ’ব বুলি আশা প্রকাশ কৰিছে মোদীয়ে।

Modi's tweet

মোদী-হাচিনা বৈঠকত বহুদিন ধৰি পিছ পৰি ৰোৱা তিস্তা আৰু ফেনী নদীৰ জলচুক্তি সন্দৰ্ভতো কথা হৈছে বুলি জানিবলৈ পোৱা গৈছে। প্রধানমন্ত্রীয়ে জনাইছে, নদীৰ পানী সন্দৰ্ভত দুইদেশৰ সহযোগিতা বজায় ৰখা হ’ব। লগতে ফেনী নদীৰ জলবন্টন সন্দৰ্ভতো কথা হৈছে।

প্রতি বছৰে ৬ ডিচেম্বৰত মৈত্রী দিৱস পালন কৰিব দুইখন দেশে। উল্লেখ্য, সেই দিনটোতেই বাংলাদেশক স্বাধীন দেশ হিচাপে মান্যতা দিছিল ভাৰতে। 

লক্‌ডাউনৰ পিছত এই প্রথম বিদেশ ভ্ৰমণত গ’ল প্রধানমন্ত্রী মোদী। শ্বেখ মুজিবুৰ ৰহমানৰ জন্ম শতবার্ষিকীৰ উজ্জাপনৰ লগতে সাতক্ষীৰাৰ যশোৰেশ্বৰী মন্দিৰ আৰু ওড়াকান্দিৰ গুৰুচান্দ ঠাকুৰৰ মন্দিৰলৈও যায় প্রধানমন্ত্রী। ইয়াৰোপৰি  টুঙ্গীপাড়াত মুজিবুৰ ৰহমানৰ সমাধিত শ্রদ্ধা নিবেদন কৰে প্রধানমন্ত্রীগৰাকীয়ে। 
দুইদেশৰ মৈত্রীৰ নিদর্শন স্বৰূপে বাংলাদেশক ১২ লাখ কোভিড ডোজ আৰু ১০৯খন এম্বুলেন্স উপহাৰ দিয়ে মোদীয়ে। 

Your Comments