জো বাইডেনৰ মন্ত্রীসভাত ভাৰতীয়সকলৰ দপ্দপনি আছিলেই। এইবাৰ সেই দেশৰ চিকিৎসাৰ দায়িত্বও পালে এজন ভাৰতীয়ই।
আমেৰিকাৰ জনস্বাস্থ্য বিভাগৰ শীর্ষপদত এইবাৰ এজন ভাৰতীয়। আমেৰিকা নিবাসী ভাৰতীয় বংশোদ্ভূত এই চিকিৎসকজনৰ নাম বিবেক মূর্তি । তেওঁক নিয়োগ কৰিলে জো-বাইডেন প্রশাসনে। ইয়াৰ আগত অ’বামা প্রশাসনতো জনস্বাস্থ্য বিভাগৰ শীর্ষ আধিকাৰিক আছিল বিবেক।
৪৩ বছৰীয়া ড° বিবেক মূর্তিয়ে এই মনোনয়ন পোৱাৰ পিছত এটা টুইটত তেওঁৰ আনন্দ প্রকাশ কৰিছে। নিজৰ প্রতিক্রিয়া জনাই আমেৰিকাৰ চাৰ্জন জেনেৰেল বিবেকে আমেৰিকাবাসীসকলক উদ্দেশ্য কৰি লিখিছে, 'আপোনালোকক চার্জন জেনেৰেল হিচাপে সেৱা কৰাৰ আৰু এটা সুযোগ মোক দিয়া হৈছে। ছেনেটৰ কাষত এইবাবে মই কৃতজ্ঞ।' ট্রাম্প প্রশাসনৰ বিৰুদ্ধে পৰোক্ষে কিঞ্চিৎ ক্ষোভ প্রকাশো কৰিছে বিবেকে। তেওঁ লিখিছে, 'যোৱা বহু বছৰ অত্যন্ত সমস্যাসঙ্কুল সময় কটাইছে এই দেশে। আশা কৰিছো, আমেৰিকাই দ্রুত সুস্বাস্থ্যৰ এক নতুন ছবি দেখিব। সন্তানসকলৰ বাবে উন্নততৰ ভৱিষ্যতো নিৰ্মাণ হ’ব আমেৰিকাত।'
- Log in to post comments
- 14 views