জানি আচৰিত হ’ব: লক্ষ লক্ষ টকাত বিক্ৰী হৈছে এটা গাহৰিয়ে অঁকা ছবি

pigcasso

বয়স মাত্র ৪ বছৰ। কিন্তু, এই বয়সতে ছবি আঁকি পৃথিৱীত সুনাম লাভ কৰিছে সি। দক্ষিণ আফ্রিকাত থাকে এই গাহৰিটো। পিগকাছো-এ ইতিমধ্যেই আঁকি শেষ কৰিছে বহু কেইশ ছবি। 

pigcasso

পিগকাছো-এ ব্রিটেনৰ প্রিন্স হেৰীৰ ছবিও আঁকিছে। সেই ছবিখন ২ লাখ ৩৬ হাজাৰ টকাত  কিনিছে স্পেইনৰ এজন ব্যক্তিয়ে । গাহৰিটো পুহিছে ডজিনে লেফছন নামৰ এজন ব্যক্তিয়ে ৷ জানি আচৰিত হ’ব, গাহৰিটোৰ “OINK” নামেৰে এটা নিজা আৰ্ট গেলেৰীও আছে ৷

pigcasso

লেফছনে জনোৱা অনুসৰি ছবিসমূহ কেইমিনিটমানৰ ভিতৰতে আঁকি শেষ কৰে পিগকাছো-এ । ইয়াৰ আগতে ব্রিটেইনৰ মহাৰাণী এলিজাবেথৰ ছবি আঁকিছিল। সেইখন বিক্ৰী হৈছিল ২ লাখ টকাত। সামাজিক মাধ্যমত ভাইৰেল হৈছে পিগকাছোৰ ছবি। গাহৰি হোৱা সত্ত্বেও তাৰ ৰঙৰ জ্ঞান দেখি আচৰিত হৈছে বহুতে। 

pigcasso

পিগকাছো-এ অঁকা ছবিৰপৰা আয় হৈছে ৫০ লাখ ২৩ হাজাৰ টকা। সেই টকা খৰচ হয় সেই ফার্মৰ বাকী জীৱ-জন্তু বিলাকৰ পোহ-পালত। 

pigcasso

গাহৰিক বুদ্ধিমান প্রাণী বুলি কোৱা হয় মার্কিন যুক্তৰাষ্ট্রত । গাহৰিৰ গুণসমূহ চেলিব্রেট কৰাৰ বাবে সেই দেশত প্রতিবছৰে ১ মার্চ দিনটো ৰাষ্ট্রীয় গাহৰি দিৱস হিচাপে খ্যাত।   

Your Comments