এনকাউন্টাৰত নিহত ৪ উগ্ৰপন্থী, বৰ্তমানেও পলাতক ২

In search of terrorist

এনকাউন্টাৰত নিহত হ’ল ৪ জন উগ্ৰপন্থী। সোমবাৰে ৰাতিপুৱা চোপিয়াৰ মণিহাল এলেকাত উগ্ৰপন্থী কেইজন ধৰা হয়। উগ্ৰপন্থীকেইজন পলাবলৈ চেষ্টা কৰাত গুলি চলাই নিৰাপত্তাবাহিনীয়ে।আৰক্ষীৰ তৰফৰপৰা জনোৱা হৈছে, উগ্ৰপন্থী কেইজনৰ তিনিজনেই লস্কৰ-ই-তৈবাৰ সদস্য। এই এলেকাত অন্য দুজন উগ্ৰপন্থী লুকাই আছে বুলি ধাৰণা কৰিছে নিৰাপত্তাবাহিনীয়ে। চলিছে চার্ছ অপাৰেচন।

সমগ্ৰ এলেকা আৰক্ষী বেষ্টনীৰ মাজত ৰাখিছে নিৰাপত্তাবাহিনীয়ে। মাজ ৰাতি গোপনসূত্রে খবৰ পায় ঘটনাস্থলীত উপস্থিত হয় যৌথ বাহিনী। দুঘণ্টা মানৰ অন্তত  ৪ উগ্ৰপন্থীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। 'অপেন ফায়াৰ’ কৰি গুলি কৰা হয় বুলি আৰক্ষী সুত্রে জানিব পৰা গৈছে। 
 
খবৰ অনুসৰি, সন্ত্ৰাসবাদীসকলক আত্মসমর্পণ কৰিবলৈ ক’লে সেই কথা তেওঁলোকে নামানিব। সেয়েহে এনকাউন্টাৰ কৰা হয়। ঘটনাত ৪ উগ্ৰপন্থী নিহত হ’লেও দুজন এতিয়াও পলাতক অৱস্থাত আছে। 

স্থানীয় আৰক্ষী সুত্রে পোৱা খবৰ অনুসৰি, যোৱা সপ্তাহত লস্কৰ কমানণ্ডাৰ ছাজ্জাদ আফগানি নিহত হোৱাৰ পিছতেই প্ৰতিশোধ ল’বলৈ বিচাৰিছিল সন্ত্ৰাসবাদী সংগঠনটোৱে ।  

Your Comments