গ্ৰেট ইষ্ট জাপান ভূমিকম্পৰ ১০ বছৰৰ পিছত জাপানত পুনৰ তীব্ৰ ভূমিকম্প

Japan Earthquake

জাপান এক ভূমিকম্পপ্রৱণ অঞ্চল। ফলত বাৰে বাবে ভূমিকম্পৰ কবলত পৰে এই দেশখন । শনিবৰেও তাত তীব্র ভূমিকম্প অনুভূত হয়। 

জাপানৰ উত্তৰপূবৰ মিয়াগি প্ৰিফেকছাৰ ক’ষ্টত এই ভূমিকম্প অনুভূত হয়। ৰিখটাৰ স্কেলত ইয়াৰ মাত্রা আছিল ৭.২ । 

প্রায় ১ মিটাৰ উচ্চ চুনামীৰো আশঙ্কা আছে (Tsunami waves of up to 1 meter)। নিকটৱর্তী চহৰ ৱাটাৰিক দ্রুত ভাৱে খালী কৰি দিয়াৰ ব্যৱস্থা লোৱা হৈছে। নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে এই অঞ্চলৰ মানুহক। কম্পন ট’কিয়’তো অনুভূত হৈছে। 

প্রায় এক মাহৰ মুৰত জাপানত ভূমিকম্পৰ ঘটনা ঘটিল। ফেব্ৰুৱাৰীৰ ১৪ তাৰিখে ফুকুচিমাত ৭.৩ মাত্রাৰ ভূমিকম্প অনুভূত হৈছিল। গ্ৰেট ইষ্ট জাপানৰ ভূমিকম্পৰ ১০ বছৰ পূর্ণ হ’ল। সেই বছৰ ৯ মাত্রাৰ ভূমিকম্প অনুভূত হৈছিল। ভয়াবহ সেই ভূকম্পৰ ১০ বছৰৰ পিছত পুনৰ শনিবাৰৰ ভূমিকম্পৰ ঘটনা ঘটিল।

Your Comments