--ৰাজকমল চাংকাকতি--
অসমীয়া ভাষাৰ প্ৰথম ছনেটৰ পুথি লিখি উলিয়াইছিল ঊনবিংশ শতিকাৰ শেষৰ দুটা দশকৰ পৰা বিংশ শতিকাৰ প্ৰথম চাৰিটা দশকত সাহিত্য চৰ্চা কৰা হিতেশ্বৰ বৰবৰুৱাই।১৮৭৬ চনত জন্ম হৈছিল এই প্ৰথিতযশা অসমীয়া সাহিত্যিকগৰাকীৰ। বিদ্যালয়ত পঢ়া কালতে সাহিত্য চৰ্চা আৰম্ভ কৰিছিল। সেই সময়তে তেওঁ কিছু ইংৰাজী কবিতা অসমীয়ালৈ অনুবাদ কৰিছিল।
হিতেশ্বৰ বৰবৰুৱাৰ প্ৰথম প্ৰকাশিত কবিতা পুথি আছিল ঢোপাকলি(১৯০২)। পৰৱৰ্তী পৰ্যায়ত বৰবৰুৱাৰ কমতাপুৰ ধ্বংস বা সাদৰী(১৯১২),বিৰহিনী-বিলাপ(১৯১২),তিৰোতাৰ আত্মজাহ কাব্য (১৯১৩),আভাস কাব্য (১৯১৪), যুদ্ধক্ষেত্ৰত আহোম ৰমণী বা মূলাগাভৰু কাব্য (১৯১৫),ডেচডিমনা কাব্য আৰু অংগিলা(১৯১৭),মালচ(১৯২৮),চকুলো(১৯২) কাব্যগ্ৰন্থ প্ৰকাশ পাইছিল।
হিতেশ্বৰ বৰবৰুৱাৰ কবিতাৰ এটা উল্লেখনীয় দিশ হৈছে অসমৰ অতীত গৌৰৱ, অসম ৰক্ষাৰ বাবে প্ৰাণ বিসৰ্জন দিয়া সাহসী ব্যক্তিৰ দেশপ্ৰেম আৰু বীৰত্বৰ কথা সুন্দৰভাৱে প্ৰতিফলিত হোৱাটো।বৰবৰুৱাৰ 'যুদ্ধক্ষেত্ৰত আহোম ৰমণী বা মূলাগাভৰু কাব্য' কবিৰ জাতিপ্ৰেম আৰু দেশপ্ৰেমী ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাৰ উজ্জ্বল নিদৰ্শন।শক্তিশালী মুছলিম আক্ৰমণকাৰী তুৰ্বকৰ বাহিনীক প্ৰতিৰোধ কৰিবলৈ কেনেদৰে অদম্য পৰাক্ৰমী মূলাগাভৰুৱে নাৰী বাহিনীক লগত লৈ যুদ্ধভূমিলৈ আগবাঢ়িছিল আৰু তুৰ্বক বাহিনীক উচিত প্ৰত্যুত্তৰ দিছিল;সেই বিষয়ে বৰ্ণনা আছে এই কাব্যগ্ৰন্থত।এগৰাকী নাৰীৰ কোমল শৰীৰৰ হ'লেও প্ৰয়োজনত কেনেদৰে তেওঁ নিজকে পৰাক্ৰমী যোদ্ধালৈ পৰিৱৰ্তিত কৰিব পাৰে,তাৰ সুন্দৰ বৰ্ণনা আছে উল্লিখিত কাব্যগ্ৰন্থখনত।
প্ৰৱল দেশপ্ৰেমেৰে উদ্বুদ্ধ হৈ স্বামী হেৰুৱাৰ বেদনাক একাষৰীয়া কৰি মূলাগাভৰুৱে তিনিদিন অবিৰাম যুদ্ধ কৰি বহু শত্ৰুক নিধন কৰিছিল আৰু অন্তিম পৰ্যায়ত তুৰ্বকৰ লগত মুখামুখি যুদ্ধত লিপ্ত হৈছিল। কিন্তু সেই সময়তে এজন শত্ৰু সেনাই ছল কৰি নিক্ষেপ কৰা শেলবিদ্ধ হৈ শ্বহীদ হয় মূলাগাভৰু।অসমীয়া নাৰীৰ দেশপ্ৰেম,বীৰত্ব আৰু আত্মসন্মানবোধৰ উজ্জ্বল স্বাক্ষৰ বৰবৰুৱাৰ 'মূলাগাভৰু কাব্য'।অসমীয়া জাতিৰ বাবে আৰু স্বামীৰ প্ৰাণৰক্ষাৰ বাবে অকাতৰে প্ৰাণ বিসৰ্জন দিয়া জয়মতী কুঁৱৰীৰ কাহিনীৰে হিতেশ্বৰ বৰবৰুৱাৰ 'তিৰোতাৰ আত্মদান কাব্য'।ইয়াত গদাপাণি আৰু জয়মতী কুঁৱৰীৰ মাজত থকা আদৰ্শনীয় ভালপোৱাকো সুন্দৰভাৱে দাঙি ধৰা হৈছে।বাৰটা সৰ্গৰ কাব্যগ্ৰন্থখনিয়ে প্ৰাণপ্ৰিয় স্বামী গদাপাণিক ৰক্ষা কৰাৰ স্বাৰ্থত জয়মতী কুঁৱৰীয়ে তীব্ৰ নিৰ্যাতন সহ্য কৰাৰ বৰ্ণনাই পাঠকৰ মনতো বেদনাৰ সৃষ্টি কৰে।কাব্যগ্ৰন্থখনি পঢ়া যিকোনো এজন পাঠকৰে অতিকৈ দেশপ্ৰেমী,স্বামীভক্ত আৰু দিনৰ পিছত দিন ধৰি নিৰ্যাতনৰ বলি হোৱাৰ পিছতো স্বামী গদাপাণিৰ সম্ভেদ নিদিয়া জয়মতী কুঁৱৰীৰ প্ৰতি শ্ৰদ্ধাত মূৰ দোঁ খাব।কবি বৰবৰুৱাই দেশত তথা বিদেশৰো বিশগৰাকী বিখ্যাত নাৰীৰ কথা আনি 'আভাস কাব্য' গ্ৰন্থখন ৰচনা কৰিছিল।
হিতেশ্বৰ বৰবৰুৱাৰ 'কমতাপুৰ ধ্বংস' বা 'সাদৰী'ত মনোৰম ধ্বনিবিন্যাস পৰিলক্ষিত হয়।পোন্ধৰটা সৰ্গৰ এই কাব্যগ্ৰন্থখনিত অন্ত্যানুপ্ৰাস আৰু ত্ৰিপদীৰো প্ৰয়োগ পৰিলক্ষিত হয়।ইয়াত আছে কমতাপুৰ ৰাজ্য পতনৰ কাব্যিক বৰ্ণনা।বৰবৰুৱাই 'ডেচডিমোনা' কাব্য আৰু 'অংগিলা' ৰচনা কৰিছিল শ্বেক্সপীয়েৰৰ 'অথেলো' আৰু গোল্ডস্মিথৰ 'ভাইবাৰ অৱ্ ৱেকফিল্ড'ৰ বিষয়বস্তু লৈ।ডেচডিমোনাৰ বিষয়ে বৰ্ণনা কৰা বাইশটা ছেদ আছে,প্ৰত্যেকটো একোটা ছনেট গঠনৰ।অংগিলাত বৰ্ণনা কৰা হৈছে এঞ্জেলিনা আৰু এডৱিনৰ প্ৰেম কাহিনী।প্ৰথম অসমীয়া ছনেটৰ পুথি বৰবৰুৱাৰ 'মালচ' হৈছে চতুৰ্দশপদীৰ সমষ্টি।
ব্যক্তিগত জীৱনৰ দুখ-বেদনাও প্ৰতিফলিত হয় হিতেশ্বৰ বৰবৰুৱাৰ কাব্যত। নুমলীয়া পুত্ৰৰ বিয়োগত শোকানলত দুগ্ধ হৈ বৰবৰুৱাই লিখি উলিয়াইছিল 'চকুলো' কাব্যগ্ৰন্থখন।পাঠককো বিষাদৰ জগতলৈ লৈ যাব পৰাকৈ চৌত্ৰিশটা ছনেটৰ 'চকুলো' শক্তিশালী।অসমীয়া কাব্য সাহিত্যলৈ মহত্বপূৰ্ণ অৱদান আগবঢ়োৱা হিতেশ্বৰ বৰবৰুৱাৰ বিয়োগ ঘটিছিল ১৯৩৯ চনত।অসমীয়াত প্ৰথম ছনেট পুথি ৰচনাৰ লগতে জাতিপ্ৰেমমূলক কাব্য ৰচনাাৰে বৰবৰুৱা যুগে যুগে স্মৰণীয়।
- Log in to post comments
- 353 views