জাতিবিদ্বেষৰ অভিযোগত অক্সফোৰ্ড ছাত্ৰ সংসদৰ পদ ত্যাগ কৰিবলৈ বাধ্য হ’ল ৰশ্মি

Rashmi Samant

অপসাৰিত হ’ল অক্সফোর্ড বিশ্ববিদ্যালয়ৰ ছাত্র সংসদৰ সভাপতি।

'জাতিবিদ্বেষ'মূলক মন্তব্য কৰাৰ অভিযোগত অক্সফোর্ড বিশ্ববিদ্যালয়ৰ ছাত্র সংসদৰ সভাপতি নির্বাচিত হোৱাৰ কিছুদিনৰ ভিতৰতেই এই পদ ত্যাগ কৰিবলৈ বাধ্য কৰা হ’ল কর্নাটকৰ তৰুণী ৰশ্মি সমন্তক ৷

উল্লেখ যোগ্য যে, অক্সফোর্ড বিশ্ববিদ্যালয়ৰ প্রথম মহিলা সভাপতি নির্বাচিত হৈছিত ৰশ্মি । কিন্তু তেওঁৰ বিৰুদ্ধে 'জাতিবিদ্বেষ'মূলক মন্তব্যৰ অভিযোগ উঠিছে। সামাজিক মাধ্যমত ৰশ্মিয়ে পোষ্ট কৰা পুৰণা লেখাক কেন্দ্ৰ কৰি বিশ্ববিদ্যালয়ত এই ক্ষোভৰ সৃষ্টি হয় । তেওঁক সভাপতিৰ পদৰপৰা অপসাৰিত কৰাৰ দাবিও উঠিছিল।

যোৱা ১১ ফেব্ৰুৱাৰীত অক্সফোর্ডৰ ছাত্র সংসদৰ সভাপতি নির্বাচিত হৈছিল ৰশ্মি। দায়িত্ব গ্রহণ কৰাৰ পিছতেই তেওঁৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তোলে বিশ্ববিদ্যালয়ৰ ছাত্র ইউনিয়নৰ 'কেম্পেইন ফৰ ৰেছিয়েল এৱাৰনেছ এণ্ড ইকুৱেলিটি' আৰু 'অক্সফোৰ্ড এলজিবিটিকিউ'য়ে । তেওঁলোকৰ অভিযোগ, বহু কেইটা সম্প্রদায়ৰ ভাৱাবেগক আঘাত কৰি সামাজিক মাধ্যমত লিখিছিল ৰশ্মিয়ে। সেয়ে তেওঁক সভাপতিৰ পদত সহ্য কৰা নহ’ব।

Your Comments