‘আচ্ছেদিন’ অনাত ব্যৰ্থ মোডী চৰকাৰ

মোডী

চাৰি বছৰ পূৰ্বে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিশ্ৰুতি দিছিল- বিজেপিৰ চৰকাৰে প্ৰতি বছৰ ভাৰতত ২০ নিযুত নিবনুৱা যুৱক-যুৱতীক চাকৰি প্ৰদান কৰিব ৷ সেই প্ৰতিশ্ৰুতিৰ পিছত চাৰে চাৰটা বছৰ পাৰ হৈছে ৷ কিন্তু মোডী ক্ষমতালৈ অহাৰ পিছত ওলোটাই কেৱল ১৫-ৰ পৰা ২৪ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ কমেও ৭২ লাখ নিবনুৱাই চাৰকি হেৰুৱাইছে ৷

মোডীঃভাৰত

কেৱল সেয়াই নহয়, বিগত চাৰি বছৰৰ বিজেপি শাসনত নিযুক্তিৰ হাৰ পূৰ্বৱৰ্তী অৰ্থাৎ ২০১৪ চনলৈকে পূৰ্বৱৰ্তী আঠ বছৰৰ ভিতৰত সৰ্বানিম্ন ৷ অলপতে এছিয়া টাইমছ নামৰ এক সংবাদ সংস্থাই এই তথ্য সদৰী কৰিছে ৷ এছিয়া টাইমছৰ এক প্ৰতিবেদনত কোৱা হৈছে, ২০১৪ চনৰ পৰা কেন্দ্ৰৰ নৰেন্দ্ৰ মোডীৰ চৰকাৰে মটৰ গাড়ীৰ ইন্ধনৰ পৰা কৰ সংগ্ৰহ কৰিছে সৰ্বকালৰ অভিলেখ ভঙ্গ কৰি ১৫,০০০ কোটি ডলাৰ ৷ কিন্তু এই কৰৰ সংগ্ৰহৰ কোনো সুফল দেশৰ সাধাৰণ নাগৰিকসকলে অকনো পোৱা নাই ৷

বৰং সবাতোকৈ অধিক লাভৱান হৈছে বেচৰকাৰী কৰ্পৰেট প্ৰতিষ্ঠান মুকেশ আম্বানিৰ ৰিলায়েন্স ৷ পূৰ্বৰ মনমোহন সিঙৰ ইউ পি এ চৰকাৰৰ আমোলত ২০০৪ চনৰ পৰা ২০১৪ চনলৈকে ১০ বছৰত প্ৰায় ১৪০ নিযুত লোকত দাৰিদ্ৰ্য সীমাৰ তলৰ পৰা ঊৰ্ধ্বলৈ উন্নীত কৰা হৈছে ৷ মোডী চৰকাৰৰ বিগত চাৰি বছৰৰ কাৰ্যকাল কোনো লোকৰেই দাৰিদ্ৰ্যসীমাৰ তলৰ পৰা উন্নীত হোৱাৰ তথ্য নাই ৷

মনমোহন সিঙৰ চৰকাৰৰ আমোলত কৃষিজাত পণ্যৰ ৰপ্তানি পাঁচ গুণ বাঢ়িছিল ৷ কিন্তু মোডী চৰকাৰৰ চাৰি বছৰৰ কাৰ্যকালত কৃষি পণ্যৰ ৰপ্তানিৰ হাৰ ২১ শতাংশ হ্ৰাস পাইছে ৷ বিপৰীতে এই চাৰি বছৰত বিদেশৰ পৰা কৃষি পণ্যৰ আমদানি বাঢ়িছে ৬০ শতাংশ৷

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি মোডী চৰকাৰৰ আমোলত ভাৰতত বিনিয়োগৰ হাৰ পূৰ্বৱৰ্তী ১৩ বছৰৰ ভিতৰত সৰ্বনিম্ন ৷ বেংকৰ ঋণৰ বিকাশৰ হাৰো বিগত ৬৩ বছৰৰ ভিতৰত সৰ্বানিম্ন ৷ বৰং ৰিজাৰ্ভ বেংকৰ তথ্য মতে মোডীৰ আমোলত ঋণ বৃদ্ধিৰ (Loan Grouth) হাৰ ৫.১ শতাংশলৈ হ্ৰাস হৈছে ৷ মনকৰিবলগীয়া যে চাৰি বছৰৰ কাৰ্যকালত বিদেশ ভ্ৰমণত ভাৰতৰ পূৰ্বৰ সকলো প্ৰধান মন্ত্ৰীৰ অভিলেখ ভঙ্গ কৰিছে ৷ ভাৰতত বিনিয়োগৰ বিদেশ বিনিয়োগকাৰীবাবে খাটনি ধৰিছে ৷

কিন্তু বিদেশী বিনিয়োগ বঢ়াতো দূৰৰ কথা, বৰং চলিত বছৰৰ প্ৰথম ভাগৰ পৰা ক্ৰমাগতভাৱে বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগসকলে বিনিয়োগ প্ৰত্যাহাৰহে কৰি আছে ৷ চলিত বিত্তীয় বছৰৰ আৰম্ভণিৰে পৰা বৰ্তমানলৈকেই কেৱল বিদেশী বিনিয়োগকাৰীসকলে কমেও ৪০,০০০ কোটি টকাৰ ইক্যুইটি বিক্ৰী কৰি ধন ঘূৰাই লৈ গৈছে ৷

ভাৰত

২০১৪ চনৰ ৮ নবেম্বৰত প্ৰধান মন্ত্ৰী মোডীয়ে কোনো ধৰণৰ পূৰ্ব প্ৰস্তুতি গ্ৰহণ নকৰাকৈ বিমুদ্ৰাকৰণৰ সিদ্ধান্ত ঘোষণা কৰে৷ ইয়াৰ ফলত দেশজুৰি চৰম অৰ্থনৈতিক বিশৃঙ্খলাই দেখা দিয়ে৷ তীব্ৰ নেতিবাচক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ সেই প্ৰতিক্ৰিয়াৰ মুখামুখি হৈ মোডীয়ে সেই সময়ত সেমেকা চকুৰে আবেগময় কণ্ঠেৰে জনতাক উদ্দেশি দুহাত যোৰ কৰি মহমোহা ভাষণ দি কৈছিল, “আপোনালোকে মোক মাথোঁ ৫০ দিন সময় দিয়ক ৷ বিমুদ্ৰাকৰণৰ সুফল আপোনালোকে দেখা পাব ৷”

সেই সময়ত মোডী আৰু বিজেপিৰ নেতাসকলে যুক্তি দৰ্শাই কৈছিল, “ক’লা টকা উদ্ধাৰৰ বাবেই পুৰণি ৫০০ আৰু ১০০০ কটীয়া নোট বাতিল তথা বিমুদ্ৰাকৰণৰ পদক্ষেপ লোৱাটো জৰুৰী হৈ পৰিছিল ৷ বিমুদ্ৰাকৰণৰ ২০ মাহ পিছত ভাৰতীয় ৰিজাৰ্ভ বেংকে পুৰণি নোটৰ হিচাপ সম্পূৰ্ণ কৰি জনালে যে পুৰণি ৯৯.৩ শতাংশ টকাই উভিত আহিছে ৷ মাত্ৰ .০৭ শতাংশ টকা অৰ্থাৎ মাত্ৰ দহ হেজাৰ কোটি টকা উভতি অহা নাই ৷

প্ৰশ্ন উঠিছে, লক্ষ লক্ষ কোটি টকা ক’ল ধন থকা বুলি বিজেপিৰ নেতাসকলে যে ইমান চিঞৰ-বাখৰ কৰিলে সেই বিপুল ক’লা ধন তেনেহ’লে ক’লৈ গ’ল ? এই বিমুদ্ৰাকৰণৰ পদক্ষেপৰ পিছত দেশজুৰি বিভিন্ন বেংকৰ শাখাত পুৰণি নোট জমা দিবলৈ গৈ শাৰী পতা শতাধিক লোকৰ মৃত্যু হ’ল ৷ এই মৰ্মান্তিক মৃত্যুৰ ঘটনাৰ বাবে এইখন চৰকাৰ অপৰাধী নহয় নে ? (ক্ৰমশঃ)

Your Comments