এটা ভাল খবৰ।ভাৰতত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ হাৰ দ্ৰুত গতিত হ্ৰাস পাবলৈ ধৰিছে।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডা:হৰ্ষবৰ্ধনে প্ৰকাশ কৰা তথ্যত এই কথা প্ৰকাশ পাইছে।মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে বিগত এটা সপ্তাহত দেশৰ ১৮৮ খন জিলাত এজনো লোক ক'ৰ'না আক্ৰান্ত হোৱা নাই।
আনহাতে,দেশৰ ৭৬ খন জিলাত বিগত ২৮ দিনত কোনো ব্যক্তি ক'ভিড-১৯ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা নাই।
দেশত ইতিমধ্যে ক'ৰ'না ভাইৰাছ প্ৰতিৰোধী টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়তে এনে খবৰে দেশবাসীক যথেষ্ট সকাহ দিছে।
- Log in to post comments
- 7 views