ড্ৰাইভিং লাইচেন্সৰ বাবে দিব নালাগে পৰীক্ষা!কেতিয়া কাৰ্যকৰী হ’ব এই ব্যৱস্থা?

Pic

ড্ৰাইভিং লাইচেন্স সকলোৰে বাবে এক গুৰুত্বপূৰ্ণ নথি। আপোনাৰ যদি ড্ৰাইভিং লাইচেন্স নাথাকে আৰু আপুনি গাড়ী চলাবলৈ গৈ ধৰা পৰে তেন্তে আপোনাৰ ৫ হাজাৰ টকা জৰিমনা হ’ব। আনহাতে, ড্ৰাইভিং লাইচেন্স পোৱাটোও আজিকালি এক কঠিন কাম হৈ পৰিছে। যেতিয়াৰে পৰা চৰকাৰে অনলাইনত ড্ৰাইভিং লাইচেন্স প্ৰস্তুত কৰা আৰম্ভ কৰিছে, তেতিয়াৰে পৰা সমস্যা কিছু কমিছে। এনে পৰিস্থিতিত চৰকাৰে জনতাৰ সমস্যাৰ কথা বিবেচনা কৰি লাইচেন্স প্ৰস্তুত কৰাৰ নতুন নিয়ম কৰি ব্যৱস্থাটো সহজ কৰিবলৈ লৈছে। নতুন নিয়ম সম্পৰ্কে জানো আহকচোন ।

কেন্দ্ৰীয় চৰকাৰ আৰু পৰিবহণ মন্ত্ৰণালয়ৰ নিয়ম অনুসৰি, ড্ৰাইভিং লাইচেন্স পাবলৈ আপুনি RTO অফিচত ড্ৰাইভিং পৰীক্ষা দিব লাগে। আপুনি যদি এই পৰীক্ষাত অকৃতকাৰ্য হয় তেন্তে আপুনি ড্ৰাইভিং লাইচেন্স নাপাব। এনে পৰিস্থিতিত বহু আবেদন বাতিলো হয়। সকলো ঠিকে থাকিলে মন্ত্ৰণালয়ে আগন্তুক দিনত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰক স্বীকৃতি দিব। যিসকলে এই ড্ৰাইভিং প্ৰশিক্ষণ স্কুলত শিকিব, তেওঁলোকৰ লাইচেন্স কোনো পৰীক্ষা অবিহনেই প্ৰদান কৰা হ’ব। ইয়াৰ বাবে পৰিবহণ মন্ত্ৰণালয়ে এক বিজ্ঞপ্তি জাৰি কৰি সাধাৰণ ৰাইজৰপৰা পৰামৰ্শ বিচাৰিছে। আপুনিও যদি পৰামৰ্শ দিবলৈ বিচাৰে, তেন্তে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ৰ ৱেবছাইটত পৰামৰ্শ দিব পাৰে।

কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ে এই নিয়ম কাৰ্যকৰী কৰাৰ পিছত চৰকাৰে ড্ৰাইভিং চেণ্টাৰসমূহৰ বাবে কিছু নিয়ম প্ৰস্তুত কৰিব। যিসমূহ ড্ৰাইভিং চেণ্টাৰে এই নিয়মসমূহ অনুসৰণ কৰিব, সেই চেণ্টাৰসমূক চৰকাৰে স্বীকৃতি দিব আৰু কেৱল মাত্ৰ সেইসমূহ ড্ৰাইভিং লাইচেন্সকহে বৈধ বুলি স্বীকৃতি দিয়া হ’ব।

Your Comments