জম্মু-কাশ্মীৰত পুনৰ মুকলি হ’ল 4G ইণ্টাৰনেট সেৱা

Pic

জম্মু-কাশ্মীৰত সুদীৰ্ঘ ১৮ মাহৰ পিছত জনসাধাৰণক ডাঙৰ সকাহ দি পুনৰ উপলব্ধ হ’ল 4G নেটৱৰ্ক সেৱা।শুকুুৰবাৰে এটা টুইট যোগে চৰকাৰৰ মুখপাত্ৰ ৰহিত কাঞ্চালে এই কথা সদৰি কৰে। 

উল্লেখযোগ্য যে ২০১৯ চনৰ আগষ্ট মাহৰ পৰা সংবিধানৰ ৩৭০ নং অনুচ্ছেদ অনুসৰি ইন্টাৰনেট সেৱা কৰ্তন কৰা হৈছিল জম্মু-কাশ্মীৰত।

জম্মু-কাশ্মীৰৰ পূৰ্বৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুলা আৰু শ্ৰীনগৰৰ মেয়ৰ জুনিয়েড মাটুয়ে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে।

Your Comments