প্ৰথমে সন্ত্রাস বন্ধ কৰক,পাক্‌ সেনাপ্রধানৰ ‘শান্তিৰ প্রস্তাৱ’ৰ জবাব দিলে দিল্লীয়ে

Pic

পাক্‌ সেনাপ্রধানৰ ‘শান্তিৰ হাত’ আহ্বান আৰু কাশ্মীৰ সমস্যাৰ শান্তিপূর্ণ সমাধানৰ প্রস্তাৱৰ উত্তৰত পাকিস্তানক সীমান্ত সন্ত্ৰাসবাদত লেকাম লগাবলৈ উদ্যোগ ল’বলৈ পৰামৰ্শ দিলে দিল্লীয়ে । পাৰস্পৰিক সু-সম্পর্ক ৰখাৰ বাবে সন্ত্রাসমুক্ত পৰিৱেশ প্রয়োজন বুলিও প্রতিবেশী ৰাষ্ট্রখনৰ উদ্দেশ্যে বার্তা প্ৰেৰণ কৰিছে ভাৰতে। যোৱা বুধবাৰে পাকিস্তান বায়ু সেনা একাডেমিৰ এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি পাক্‌ সেনাপ্রধান জেনেৰেল কামাৰ বাজোৱাই কয়, পাৰস্পৰিক সম্মান ৰক্ষা আৰু শান্তিপূর্ণ সহাৱস্থানৰ নীতিৰ প্রতি পাকিস্তান অঙ্গীকাৰবদ্ধ।

বাজোৱাৰ মন্তব্যৰ প্রতিক্রিয়াত সাপ্তাহিক সাংবাদিক বৈঠকত ভাৰতীয় বিদেশ মন্ত্রালয়ৰ মুখপাত্র অনুৰাগ শ্রীবাস্তৱে কয়, সীমান্ত সন্ত্রাসত লেকাম নলগোৱা পর্যন্ত পাকিস্তানৰ সৈতে কোনো আলোচনা সম্ভৱ নহয়। অনুৰাগ শ্রীবাস্তৱে কয়, ‘আমাৰ অৱস্থান সুবিদিত। সন্ত্রাস, হিংস্রতা আৰু হিংসামুক্ত পৰিৱেশত পাকিস্তানৰ সৈতে স্বাভাৱিক প্রতিৱেশীৰ দৰে সম্পর্ক বজাই ৰাখিবলৈ আগ্রহী ভাৰত। এনে পৰিৱেশ তৈয়াৰ কৰাৰ দায়িত্ব পাকিস্তানৰেই।’ দ্বিপাক্ষিক অস্থিৰতা আৰু কাশ্মীৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত পাকিস্তানৰ আলোচনাৰ চেষ্টাত বাজোৱাৰ মন্তব্য সাম্প্রতিক সংযোজন।

২০১৯ চনৰ আগষ্ট মাহত জম্মু-কাশ্মীৰৰ বিশেষ মর্যাদা প্রত্যাহাৰ কৰাৰ পিছৰপৰাই পাকিস্তানৰ সৈতে ভাৰতৰ সম্পর্কত অৱনতি দেখা দিয়ে। ভাৰতৰ এই পদক্ষেপৰ জবাবত নতুন দিল্লীৰপৰা নিজৰ ৰাষ্ট্রদূতক প্রত্যাহাৰ কৰি নিয়ে পাকিস্তানে লগতে ভাৰতীয় হাই কমিচনকো ইছলামাবাদ ত্যাগ কৰিবলৈ কয় পাক্‌ চৰকাৰে ।

Your Comments