প্ৰথম কথাটো হ’ল যে এই মামীৰ বয়স দুহেজাৰ বছৰ । দ্বিতীয় বিস্ময়কৰ কথাটো হ’ল যে এই মামীৰ মুখৰ ভিতৰত পোৱা গৈছে এখন সোণৰ জিভা (2,000-year-old mummies with golden tongues)।
মামী হ’ল ঔষধৰ প্ৰলেপ দি কাপোৰেৰে মেৰিওৱা মৃতদেহ। মৃতদেহ এটা যাতে প্রাকৃতিকভাৱে ধ্বংস নহয় বা ক্ষয় হোৱাৰ পৰা ৰক্ষা পৰে সেয়ে এই ব্যৱস্থা। মামী তৈয়াৰৰ পদ্ধতি অতি আকর্ষণীয়। প্রাচীন মিছৰীয় বহুকেইটা পদক্ষেপত মামী প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হয় ৷
কিন্তু আচৰিত কথাটো হ’ল যে এই মামীৰ মুখত কেনেকৈ পোৱা গ’ল সোণৰ জিভা ? প্রত্নতত্ত্ববিদসকলে বহু চিন্তা চৰ্চা কৰি অনুমান কৰিছে যে এই মৃত মানুহজনে যাতে পাতাললৈ গৈ দেৱতা অছিৰিছৰ (the court of the god Osiris)সৈতে কথা পাতিব পাৰে, তাৰ বাবে হয়তো এই মামীটোৰ মুখত সোণৰ জিভা স্থাপন কৰা হৈছিল। যেতিয়া মৃতদেহটো মামীফাইড কৰা হৈছিল, তেতিয়াই জিভাখন স্থাপন কৰা হৈছিল বুলি ধাৰণা কৰিছে তেওঁলোকে । যদিও এই সন্দৰ্ভত গৱেষণা সম্পূৰ্ণ হোৱা নাই এই পৰ্যন্ত ৷
- Log in to post comments
- 37 views