পুনৰ পাকিস্তানত ছার্জিকেল ষ্ট্ৰাইক। কিন্তু এইবাৰ ভাৰতে নহয়, পাকিস্তানত ছার্জিকেল ষ্ট্ৰাইক কৰিলে ইৰানে । জানিব পৰা অনুসৰি, পাকিস্তান ওপৰত ছার্জিকেল ষ্ট্ৰাইক কৰি ইৰানে তেওঁলোকৰ দুজন সৈনিকক মুক্ত কৰিছে। মঙলবাৰে মাজ নিশা পাকিস্তানত এই ছার্জিকেল ষ্ট্ৰাইক চলায় ইৰানে।
ইৰানৰ পৰা অহা খবৰ অনুসৰি, আচম্বিতে হোৱা এই আক্ৰমণত ইৰানৰ সৈনিকসকলে বহুকেইটা সন্ত্ৰাসবাদীক নিঃশেষ কৰিছে। এই আক্ৰমণত পাকিস্তানী সেনাবাহিনীৰ বহুকেইজন বিষয়াৰো মৃত্যু হোৱা বুলি খবৰ পোৱা গৈছে। ইৰান ৰিভলিউচনেৰী গার্ডে এক বিবৃতি যোগে জনাইছে,মঙলবাৰে ৰাতি ছার্জিকেল ষ্ট্ৰাইক কৰি তেওঁলোকৰ দুজন সেনাক পাকিস্তানৰ হাতৰপৰা মুক্ত কৰিছে। দুবছৰৰ আগত পাকিস্তানৰ জেঈছ-আল-অদ্ল (Jeish Al-Adl) নামৰ এটা সন্ত্ৰাসবাদী সংগঠনে এই দুই ইৰানী সেনাক অপহৰণ কৰিছিলে । গুপ্তচৰৰ যোগে প্রথমে এই দুই সৈনিকৰ সন্ধান কৰে ইৰানী সেনাই।বহুকেইজন ইৰানী সেনা বিষয়াইও এই ছার্জিকেল ষ্ট্ৰাইকত অংশ লৈছিল বুলি প্ৰকাশ কৰিছে ইৰানৰ সংবাদ মাধ্যমে।
অৱশ্যে,পাকিস্তানত ছার্জিকেল ষ্ট্ৰাইক নতুন কথা নহয়। ইয়াৰ আগতেও ভাৰত আৰু আমেৰিকাৰ সেনাই পাকিস্তানৰ মাটিত সন্ত্ৰাসবাদীক নিঃশেষ কৰিছে।
২০১৮ চনৰ মাজভাগত চিস্তান-বালুচিস্তানৰ মির্জাবেহ সীমান্তৰপৰা ১৪ জন ইৰানী সেনাক অপহৰণ কৰিছিল জেঈছ-আল-অদ্ল সংগঠনৰ সন্ত্ৰাসবাদীয়ে। সেই বছৰৰেই ১৫ নৱেম্বৰত পাঁচজন ইৰানী সেনাক মুক্তি দিছিল তেওঁলোকে । ২০১৯ চনত আন চাৰিজন সেনাক মুক্ত কৰিছিল সন্ত্ৰাসবাদীয়ে। ইৰানে অভিযোগ কৰিছিল, বহুকেইটা আন্তর্জাতিক গুপ্তচৰ সংস্থাই এই সন্ত্ৰাসবাদী সংগঠনক সহায় কৰিছিল ।
- Log in to post comments
- 35 views