ভাৰত-আমেৰিকাৰ প্ৰতিৰক্ষা সম্পৰ্ক আৰু সহযোগিতা জ’ বাইডেনৰ নেতৃত্বত অক্ষুন্ন থাকিব বুলি মঙলবাৰে বাইডেন চৰকাৰৰ এগৰাকী শীৰ্ষ বিষয়াই মন্তব্য কৰে। মাৰ্কিন বায়ু সেনাৰ উপ সচিব কেলি এল চেবল্টে এই মন্তব্য কৰে ।
মাৰ্কিন বায়ু সেনাৰ উপ সচিব (আন্তৰ্জাতিক পৰিক্ৰমা) কেলি এল চেবল্টে সাংবাদিকৰ আগত কয়-"ভাৰতক আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা অংশীদাৰ হিচাপে ঘোষণা কৰাটো এটা গুৰুত্বপূৰ্ণ ঘোষনা আছিল । যিটো পূৰ্বৰ চৰকাৰৰ সময়তে ঘোষণা কৰা হৈছিল । আমি আমাৰ সহযোগিতা আৰু অধিক দৃঢ় কৰিবলৈ বিচাৰো।"
- Log in to post comments
- 16 views