আজিৰেপৰা দেশৰ ছবিগৃহসমূহ ১০০ শতাংশ মুকলি কৰা হ’ব দৰ্শকৰ বাবে

Pic

কেন্দ্ৰীয় চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ে অলপতে জাৰি কৰা এখন জাননী অনুসৰি দেশত ক্ৰমাৎ বৃদ্ধি পোৱা ক'ভিড সংক্ৰমণৰ ঘটনা হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰে পৰা ১০০ শতাংশ অৰ্থাৎ সম্পূৰ্ণৰূপে খুলিব পাৰিব বোলছবিগৃহসমূহ। যোৱা সময়ছোৱাত ক’ভিড-১৯ৰ বাবে বহুদিন বন্ধ হৈ আছিল ছবিগৃহসমূহ। বহুকেইখন নতুন ছবিৰ কাম সম্পাদনৰ পিছতো মুক্তি দিব পৰা হোৱা নাছিল। তাৰপিছত ছবিগৃহ সমূহ আংশিকভাৱে (৫০%) খুলিবলৈ দিয়া হৈছিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু ক’ভিডৰ সকলো প্ৰট’কল মানি চলি ৷

পিছে অলপতে গৃহ মন্ত্ৰণালয়ে নতুনকৈ জাৰি কৰা জাননীয়ে সকাহ দিছে ছবিগৃহ, পৰিচালকসকলৰ লগতে দৰ্শককো ৷ উক্ত জাননী অনুসৰি ১ ফেব্ৰুৱাৰীৰ পৰা ছবিগৃহত ১০০ শতাংশ দৰ্শক উপস্থিতিৰ অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰীয় চৰকাৰে শিথিল কৰি দিছে ক’ভিডৰ সকলো প্ৰট’কল। তদুপৰি ছবিগৃহত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক সকলো দৰ্শকৰ বাবে ।

আনহাতে, ছবিগৃহৰ বাহিৰত ৬ ফুট দূৰত্ব মানি চলাৰ লগতে য’তে ত’তে থু-খেকাৰ পেলোৱাও নিষিদ্ধ কৰিছে কেন্দ্ৰীয় চৰকাৰে উক্ত জাননীযোগে।

Your Comments