কেলিফ'ৰ্ণিয়াৰ উদ্যানত ভাঙি পেলোৱা হ’ল মহাত্মা গান্ধীৰ প্ৰতিমূর্তি,তীব্র ক্ষোভ প্ৰকাশ  প্ৰৱাসী ভাৰতীয়ৰ

Pic

মার্কিন যুক্তৰাষ্ট্রৰ এখন উদ্যানত থকা এটা গান্ধীৰ প্ৰতিমূর্তি ভাঙি মাটিত পেলাই দিয়া হ’ল। ফলত ক্ষোভিত হৈ পৰিছে মার্কিন যুক্তৰাষ্ট্ৰৰ প্রৱাসী ভাৰতীয়সকল । এই ঘটনাৰ এফবিআই তদন্তৰ দাবী কৰিছে তেওঁলোকে ৷

উত্তৰ কেলিফৰ্ণিয়াৰ চিটী অফ্‌ ডেভিছৰ উদ্যানত বহু দিন আগতেই ভাৰতে উপহাৰ দিয়া ৬ ফুট উচ্চতাৰ আৰু ২৯৪ কেজি ওজনৰ ব্র'ঞ্জৰ মহাত্মা গান্ধীৰ এটি মূর্তি স্থাপন কৰা হৈছিল। যদিও এই স্থাপন কাৰ্যৰ বহুলোকে বিৰোধিতাও কৰিছিল ৷  

যোৱা ২৭ জানুৱাৰীত উদ্যানৰ গেট খুলি উদ্যানত কৰ্মৰত কর্মীসকলে প্ৰত্যক্ষ কৰে ভাঙি পৰি থকা মূৰ্তিটো ৷ প্ৰকাশিত খবৰ অনুসৰি এই ঘটনাৰ পিছত ক্ষোভিত হৈ পৰিছে প্রৱাসী ভাৰতীয়সকল । ঘটনাৰ গুৰুত্বলৈ লক্ষ্য ৰাখি চহৰৰ মেয়ৰে জনাইছে যে অতি শীঘ্রেই গান্ধীৰ মূর্তিটো পুনৰ নিৰ্মাণ কৰা হ’ব উক্ত স্থানত ৷

Your Comments