ইতিমধ্যে শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন। অহা ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব আগন্তুক বিত্তীয় বৰ্ষৰ বাজেট। এইবাৰৰ বাজেট বিশেষভাৱে গুৰত্বপূৰ্ণ বুলি বিবেচিত হ’ব,কিয়নো ক'ৰ’নাই বিধ্বস্ত কৰি পেলোৱা দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে,সেই দিশত সকলোৱে নজৰ ৰাখিব। শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন দাখিল কৰে।
বাজেট দাখিলৰ পূৰ্বে কৰা অৰ্থনৈতিক সমীক্ষাত দেশৰ ভগ্ন অৰ্থনীতিৰ ছবিখন স্পষ্টকৈ দেখা গৈছে।ক'ৰ'না, লকডাউন আদিত মৃতপ্ৰায় দেশৰ অৰ্থনীতিৰ এই সংকটকালত আগন্তুক বিত্তীয় বৰ্ষত দেশত কৃষি খণ্ডৰ উন্নয়নৰ আশা কৰা হৈছে।
দেশত নিবনুৱা সমস্যা হ্ৰাস কৰাৰ পৰিকল্পনাও কৰা হৈছে আৰু এই ক্ষেত্ৰত বিত্তমন্ত্ৰীগৰাকীয়ে জনাইছে যে ক'ৰ'নাৰ ফলত দেশত ভয়াৱহভাৱে বৃদ্ধি পোৱা নিবনুৱা সমস্যা হ্ৰাস কৰিবলৈ স্বচ্ছল কৰি তোলা হ'ব দেশৰ ৰাজহুৱা খণ্ডক।তদুপৰি, বজাৰ চলিত কৰা, বিনিয়োগৰ মাত্ৰা বঢ়োৱাৰ বাবেও কেন্দ্ৰীয় চৰকাৰে বিশেষ পৰিকল্পনা কৰা বুলি জনাইছে।
- Log in to post comments
- 20 views