ইচ্ছামৃত্যুৰ বিধেয়কখন গৃহীত হ’ল স্পেইনৰ সংসদৰ নিম্ন সদনত (lower house of Parliament)। সংসদৰ উচ্চসদন বা চেনেট(Senate)ত এই বিধেয়ক গৃহীত হ’লেই আইন হিচাপে বলবৎ কৰা হ’ব ইচ্ছামৃত্যু । স্পেইনত ইচ্ছামৃত্যুৰ বিধেয়ক গৃহীত কৰা বৰ সহজে নহয় । অনেক বাধা অতিক্ৰম কৰিব লগা হৈছে ।
স্পেইনৰ প্রধানমন্ত্রীয়ে বৃহস্পতিবাৰৰ দিনটো অৰ্থাৎ ১৭ ডিচেম্বৰক ঐতিহাসিক বুলি উল্লেখ কৰিছে । কাৰণ এই দিনটোতে সেই দেশৰ সংসদৰ নিম্ন সদনত ইচ্ছামৃত্যু সংক্রান্ত বিধেয়কৰ বিষয়ত ভোট হয়। ভোটত জয় হয় ইচ্ছামৃত্যু বা ইউথেনেছিয়া(Euthanasia)ৰ । ইয়াৰ পিছত স্পেইনত গুৰুতৰ ভাৱে অসুস্থ কোনো ৰোগীয়ে ইচ্ছামৃত্যুৰ আবেদন জনাব পাৰিব । সংশ্লিষ্ট চিকিৎসকসকল সন্মত হ’লেই ইচ্ছামৃত্যুৰ প্রক্রিয়া আৰম্ভ হ’ব ।
- Log in to post comments
- 19 views