জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লা আৰু বহুকেইজনৰ ১১.৮৬ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিলে এনফ’ৰ্চমেন্ট ডিৰেক্টৰেটে (ED)। জম্মু-কাশ্মীৰ ক্রিকেট এচ’ছিয়েছনত আর্থিক নিয়ম বহিৰ্ভূত কাৰ্যৰ অভিযোগ সংক্রান্ত বেআইনী আর্থিক লেনদেনৰ তদন্তৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্রীয় তদন্ত সংস্থাই । চৰকাৰী সূত্রৰ খবৰ অনুসৰি, এনফ’ৰ্চমেন্ট ডিৰেক্টৰেটে অবৈধ আর্থিক লেনদেন ৰোধ আইনৰ আওঁঁতাত এটা অস্থায়ী বাজেয়াপ্তকৰণ নিৰ্দেশনা জাৰি কৰিছিলে । সেই অনুসৰি পদক্ষেপ লোৱা হৈছে। সংশ্লিষ্ট সম্পত্তিসমূহ জম্মু আৰু শ্রীনগৰৰ । সূত্রটোত প্ৰকাশ কৰা হৈছে যে, বাজেয়াপ্ত হোৱা সম্পত্তিৰ তালিকাত আছে দুটা অস্থাৱৰ সম্পত্তি, দুটা আবাস, এটা বাণিজ্যিক সম্পত্তি আৰু তিনিটাোস্থানৰ মাটি । এই সকলোবোৰৰ মূল্য ১১.৮৬ কোটি টকা যদিও বজাৰ মূল্য প্রায় ৬০-৭০ কোটি টকা হ’ব । এই গোচৰৰ তদন্তত ৮৩ বছৰীয়া প্রাক্তন মুখ্যমন্ত্রী তথা নেচনেল কন্ফাৰেঞ্চৰ (এনচি) শীর্ষ নেতা ফাৰুক আব্দুল্লাক বহুকেইবাৰ সোধপোছ কৰিছে এনফ’ৰ্চমেন্ট ডিৰেক্টৰেটে । শেষৰবাৰ তেওঁ শ্রীনগৰত আইনী জেৰাৰ মুখামুখি হৈছে যোৱা অক্টোবৰ মাহত ।
- Log in to post comments
- 7 views