এইবাৰ ক'ৰ’নাত আক্ৰান্ত হ’ল আমেৰিকাৰ তুষাৰ চিতাবাঘ

Leopard

এইবাৰ স্ন’ লিয়’পার্ড বা তুষাৰ চিতাবাঘৰ শৰীৰতো পোৱা গ’ল কৰ’নাভাইৰাছ ! একেদিনাই তিনিটা তুষাৰ (Snow Leopards)-চিতাৰ ক’ভিড টেষ্ট ৰিপ’র্ট পজিটিভ অহাত বিশেষজ্ঞসকল বিস্মিত হৈছে । এই বিষয়ত যথেষ্ট উদ্বিগ্ন তেওঁলোক । পশু চিকিত্‍‌সকৰ পর্যবেক্ষণত ৰখা হৈছে আক্রান্ত তুষাৰ চিতাকেইটা । চাৰিওফালে কৰ’নাৰ এই মহামাৰীৰ মাজত এই প্রথম বাৰ এনে ঘটনা ঘটিছে । ইয়াৰ আগতে কুকুৰ কৰ’না আক্রান্ত হোৱাৰ খবৰ শুনা গৈছিল। যি কাৰণে ঘৰৰ পোহনীয়া কুকুৰৰ ক্ষেত্ৰতো সতর্ক কৰি দিছিলে বিশেষজ্ঞসকলে । কিন্তু, চিৰিয়াখানাত থকা তুষাৰ চিতাৰ শৰীৰত কেনেকৈ সংক্ৰমিত হ’ল ক’ভিডৰ (Covid-19) জীৱাণু , সেই বিষয়ত প্ৰয়োজনীয় তদন্ত চলাইছে সংশ্লিষ্ট কর্তৃপক্ষই । জানিবলৈ পোৱা গৈছে, আক্রান্ত তিনিওটা তুষাৰ চিতা আমেৰিকাৰ চিৰিয়াখানাৰ ।

Your Comments