কৰ’না ভাইৰাছৰ উৎস বিচাৰি আন্তৰ্জাতিক বিশেষজ্ঞৰ দল ৰাওনা হ’ব চীনলৈ

Pic

বুধবাৰে বিশ্ব স্বাস্থ্য সংস্থা(WHO)ই জনাইছে যে ক’ভিড-১৯ৰ জন্তুৰপৰা উদ্ভৱ হোৱাৰ সম্পৰ্কে হোৱা তদন্তত সহায় কৰিবৰ বাবে ১০ জনীয়া আন্তর্জাতিক বিশেষজ্ঞৰ এটা দল অহা মাহত চীনলৈ ৰাওনা হ’ব । কৰ’না ভাইৰাছ মহামাৰীৰ প্ৰায় এটা বছৰ পাৰ হৈ গ’ল ৷ এই ৰোগত ১.৬ মিলিয়নতকৈও অধিক লোকৰ মৃত্যুৰ লগতে প্ৰায় ৭৩ মিলিয়ন লোক সংক্ৰমিত হ’ল বিশ্বব্যাপী ৷ কিন্তু, ভাইৰাছটো ক’ৰ পৰা আহিল আৰু মানৱ দেহলৈ প্ৰথম কেনেদৰে সংক্ৰমিত হ’ল সেই বিষয়বোৰ এতিয়াও ৰহস্যৰ আবৰ্তত ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মুখপাত্ৰ হেডিন হেল্ডৰচনে জনাইছে যে অহা মাহত এই বিষয়টোৰ প্ৰকৃত তথ্য সন্দৰ্ভত নিশ্চিত হ’ব পৰা যাব ৷

Your Comments