প্ৰথম পৰ্যায়ৰ কৰ’নাৰ টীকাকৰণত ভাৰতে খৰচ কৰিব লাগিব ১.৮ বিলিয়ন মাৰ্কিন ডলাৰ

Pic

ভাৰতে প্ৰথম পৰ্যায়ৰ কৰ’নাৰ টীকাকৰণত ১.৪ ৰপৰা ১.৮ বিলিয়ন মাৰ্কিন ডলাৰ খৰচ কৰিব লগীয়া হ’ব পাৰে ৷ GAVI vaccines alliance এ এই বুলি প্ৰকাশ কৰিছে। ভাৰত বৰ্তমান বিশ্বৰ দ্বিতীয়খন দেশ য’ত ক’ভিড ৰোগীৰ সংখ্যা অধিক আৰু অদ্যাপি ভাৰতে অহা ৬ৰপৰা ৮ মাহৰ ভিতৰত ৩০০ মিলিয়ন নাগৰিকক ভেক্‌চিন দিবলৈ সাজু হৈছে ৷ সমগ্ৰ প্ৰক্ৰিয়াটোৰ আঁৰত আছে ভাৰত বায়’টেক, ৰাচিয়াৰ স্পুটনিক, AstraZeneca আৰু Zydus Cadila ৷ প্ৰথম পৰ্যায়ৰ ভেক্‌চিন দিয়া কাৰ্যসূচীত জৰুৰীকালীন সেৱাত থকা কৰ্মীসকলক আৰু সংকটজনক ৰোগীসকলক ভেক্‌চিন দিবলৈও ৬০০ মিলিয়ন ভেক্‌চিনৰ ড’জ প্ৰয়োজন হ’ব ৷ ভাৰতক ১৯০ ৰ পৰা ২৫০ মিলিয়ন ড’জ ক্ৰয় কৰিবলৈও প্ৰায় ১.৪ বিলিয়ন মাৰ্কিন ডলাৰৰ প্ৰয়োজন হ’ব ৷ GAVIৰ ৰিপ’ৰ্ট মতে ইয়াৰ উপৰিও ভেক্‌চিনৰ পৰিবহণ আৰু সংৰক্ষণৰ বাবে অতিৰিক্ত ৩০ৰপৰা ৮০ মিলিয়ন অৰ্থৰ প্ৰয়োজন হ’ব পাৰে ৷

Your Comments