আইআইটি মাদ্ৰাজত ক’ভিড ৰোগী ছাত্ৰৰ সংখ্যা বৃদ্ধি পাইছে

Pic

উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আইআইটি মাদ্ৰাজত ক’ভিড ৰোগীৰ সংখ্যা ৷ কালিলৈকে এই সংখ্যাই ১৯১ চুইছেগৈ ৷ কালি পুনৰ ১৪১ জন ব্যক্তিৰ নমুনা পৰীক্ষাৰ অন্তত সৰ্বমুঠ ৰোগীৰ সংখ্যা ১৯১ জনলৈ বৃদ্ধি পালে ৷ ইয়াৰ সমান্তৰালভাৱে তামিলনাডুৰ আন্না বিশ্ববিদ্যালয়তো ৬ জন ছাত্ৰৰ দেহত কৰ’নাভাইৰাছ পোৱা গৈছে।চৰকাৰী সূত্ৰই সকলোকেইজন ছাত্ৰছাত্ৰীৰ অৱস্থা বৰ্তমানলৈকে নিয়ন্ত্ৰণৰ ভিতৰতে আছে বুলি জনাইছে ৷ আই আই টি মাদ্ৰাজে প্ৰতিস্থানটোৰ সকলো শ্ৰেণীকোঠা, পৰীক্ষাগাৰ, গ্ৰন্থাগাৰ বন্ধ ৰাখি কৰ’নাভাইৰাছ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে ৷ তদুপৰি পৰাপক্ষত শ্ৰেণী খতি নোহোৱাকৈ কৰ্মচাৰী আৰু অধ্যাপকসকলক ঘৰৰপৰাই কাম কৰিবলৈ কৰ্তৃপক্ষই আদেশ দিছে ৷

Your Comments