জলবায়ু জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানৰ আহ্বান

Pic

ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্ট’নিঅ গুটেৰেছে বিশ্বৰ প্ৰতিখন দেশলৈ আহ্বান জনাইছে “জলবায়ু জৰুৰীকালীন অৱস্থা” ঘোষণা কৰিবলৈ ৷ 

বৰ্তমান জলবায়ু পৰিৱৰ্তনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু ইয়াক এতিয়াই নিয়ন্ত্ৰণ নকৰিলে পাছত নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যাব ৷ সেয়ে শনিবাৰে পেৰিচ জলবায়ু চুক্তিৰ পঞ্চম বাৰ্ষিকী উপলক্ষে সচিবপ্ৰধানজনে প্ৰতিখন দেশলৈ এই আহ্বান জনাইছে ৷ উল্লেখ্য যে ২০১৫ চনৰ ১২ ডিচেম্বৰত জলবায়ু পৰিৱৰ্তন ৰোধ কৰিবলৈ “পেৰিচ জলবায়ু চুক্তি” স্বাক্ষৰ হৈছিল যদিও পৰৱৰ্তী সময়ত ডোনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেওঁ সেই চুক্তি ভংগ কৰিছিল ৷ কিন্তু এতিয়া জ’ বাইডেন হোৱাইট হাউচৰ দিশে অগ্ৰসৰ হোৱাৰ পিছত সচিবপ্ৰধানজনে সকলো দেশকে পুনৰ এই চুক্তিক সক্ৰিয় কৰিবলৈ আহ্বান জনাইছে ৷ 

Pic

শনিবাৰে তেওঁ কয় যে প্ৰতিখন দেশে বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিজ নিজ দেশত “জলবায়ু জৰুৰীকালীন অৱস্থা” ঘোষণা কৰিলে সকলো ৰক্ষা পৰিব বুলি মিঃ গুটেৰেছে কয় ৷ দেশসমূহে বায়ুমণ্ডললৈ নিৰ্গত কৰা কাৰ্বনৰ পৰিমান নিম্নতম নোহোৱালৈকে এই পৰিস্থিতি বাহাল থাকিব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে ৷

Your Comments