প’লেণ্ডৰ ৰাজধানী ৱাৰ্ছ'ৰ এখন নদীৰ তীৰত এটা ৰহস্যময় ধাতৱ প্ৰস্তৰমূৰ্ত্তিৰ আৱিৰ্ভাৱ হৈছে ৷ ইউৰোপ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰতো অলপদিন আগত তেনে মূৰ্তি উদ্ধাৰ হৈছিল ৷ স্থানীয় গণমাধ্যমৰ খবৰ অনুসৰি, ভিষ্টুলা নদীৰ পাৰত পুৱাৰ সময়ত খোজকাঢ়িবলৈ যোৱা লোকসকলে ত্রিভুজাকাৰ স্তম্ভটি লক্ষ্য কৰিছিল প্ৰথমে। এই স্তম্ভটো প্রায় তিনি মিটাৰ (১০ ফুট) উচ্চতাৰ,ধোঁঁৱা বৰণৰ আৰু ইয়াক স্ক্রু কিছুমানৰ সহায়েৰে সংলগ্ন কৰি ৰখা হৈছে ৷ এই স্তম্ভটো এখন ডাঙৰ দলঙৰ কাষত নদীৰ তীৰৰ বালিত ঠিয় কৰি ৰখা হৈছে ৷ এই স্তম্ভ স্থাপন কৰোঁঁতাৰ সবিশেষ জানিবপৰা হোৱা নাই ৷
- Log in to post comments
- 17 views