দিহিং পাটকাইত এন্‌থ্ৰাক্স ৰোগ!

Pic

দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যত ধৰা পৰিছে মাৰাত্মক এন্‌থ্ৰাক্স ভাইৰাছৰ উপস্থিতি।যোৱা ২ ডিচেম্বৰত মৃত্যু হোৱা এটা হাতীৰ পোৱালিৰ মৃতদেহৰ মৰনোত্তৰ পৰীক্ষাৰ পাছত ধৰা পৰিছে এই ঘটনা ৷ প্ৰায় দুই শতাধিক বন্যহস্তীৰ বাসস্থান দিহিং পাটকাইত বৰ্তমান বনবিভাগে টিকাকৰণ কাৰ্যসূচী হাতত লোৱাৰ কথা সিদ্ধান্ত কৰিছে ৷ 

এই কথা ডিব্ৰুগড়ৰ DFO প্ৰদীপ্ত বৰুৱাই জানিবলৈ দি কয় যে বৰ্তমান ৫ কিঃমিঃ ব্যাসাৰ্দ্ধৰ এলেকাত বীজাণুনাশক চটিওৱাৰ কাম আৰম্ভ কৰা হ’ব আৰু মৃতদেহটো পুতি তাৰ আশেপাশেও বীজাণুনাশক চটিওৱাৰ কাম কৰা হৈছে ৷ 

চৰকাৰী সূত্ৰৰপৰা প্ৰকাশ পোৱা তথ্য অনুসৰি ওড়িশাত যোৱা বছৰ এনথ্ৰাক্সৰ কবলত পৰি ২৮ টাকৈ বন্যহস্তীৰ মৃত্যু ঘটিছে ৷ অসমতো ২০০৮ চনত ৰাজ্যিক চিৰিয়াখানাত এনথ্ৰাক্সত এটা এশিঙীয়া গঁড়ৰ মৃত্যু ঘটিছিল ৷

Your Comments