শিশুসকলৰ অতিকৈ মৰমৰ কৌতুক অভিনেতা মিষ্টাৰ বিনৰ অভিনয় জগতখনৰ বিষয়ে কম বেছি পৰিমাণে সকলোৱেই জানে ৷ কিন্তু তেখেতৰ অভিনয়ৰ দিশটোৰ বাহিৰে আনবোৰ নজনা দিশ জানিবলৈ মন নাযায়নে? জানো আহক মিষ্টাৰ বিনৰ অন্তৰালৰ প্ৰকৃত মেধাবী ব্যক্তিজনক ৷ মিষ্টাৰ বিনৰ প্ৰকৃত নাম ৰ’ৱান ছেবাষ্টিয়ান আট্কিনচন ৷ তেখেতৰ জন্ম হৈছিল ১৯৫৫চনৰ জানুৱাৰী মাহৰ ৬ তাৰিখে ইংলেণ্ডত ৷ তেখেত অভিনেতা হোৱাৰ লগতে লেখকো ৷ বিজ্ঞান বিভাগৰ এজন মেধাবী ছাত্ৰ হিচাপে পৰিচিত আট্কিনচনে নিউকেচেল বিশ্ববিদ্যালয়ৰপৰা ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং সম্পূৰ্ণ কৰি অক্সফৰ্ডৰ কুইনচ্ মহাবিদ্যালয়ৰপৰা ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে ৷ ২০০৬ চনত তেখেতে অনাৰেৰী ফেল’ হিচাপে স্বীকৃতি পায়।অভিনয় জগতলৈ অহাৰ আগতে আট্কিনচন সম্পূৰ্ণৰূপে গৱেষণা কাৰ্যত ব্যস্ত আছিল ৷
- Log in to post comments
- 14 views