বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰম্ভ হ'ল দ্বিতীয় কা' আন্দোলন।গুৱাহাটীৰ চছলত কা' বাতিলৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তিৰ প্ৰায় শতাধিক সদস্যই। উল্লেখ যে কা' আন্দোলনৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ লগতে অহা শুকুৰবাৰে কৃষক নেতা গগৈক বিজেপি চৰকাৰে কাৰাৰুদ্ধ কৰাৰ এটা বছৰ সম্পূৰ্ণ হ'ব। "প্ৰতিবাদকাৰীসকলৰ দাবী কা' কোনো কাৰণতে অসমীয়াই মানি নলয়।এটা বছৰ সম্পূৰ্ণ হ'ল কিন্তু অসমীয়াই কা' মানি লোৱা নাই।বিজেপি চৰকাৰে বলপূৰ্বকভাৱে কা' জাপি দিব পাৰে কিন্তু সংগ্রাম চলি থাকিব"-এইদৰে কয় প্ৰতিবাদকাৰীসকলে। ইফালে,কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে কয়-"বিনাচৰ্তে যদি গগৈক মুক্তি নিদিয়ে,আন্দোলন ভয়াৱহ হ'ব।চৰকাৰে কৌশলগতভাৱে গগৈক কাৰাৰুদ্ধ কৰি ৰাখিছে।হিটলাৰী শাসন চলাইছে বিজেপি চৰকাৰে।" "বিজেপিৰ লগত তক্কৰ দিব পৰা অসমত এজনেই আছে,সেয়া অখিল গগৈ"-প্ৰতিবাদত অংশগ্ৰহণ কৰি দিৱস ফুকনে এইদৰে কয়। প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ মুক্তিৰ নেতা প্ৰাঞ্জল কলিতা উপস্থিত থাকে।
- Log in to post comments
- 8 views