বহু বছৰৰ আগতে মিছৰৰ এজন যুৱকে ঔষধি ব্যৱহাৰৰ বাবে দেশৰ মৰুভূমি আৰু উপকূল অঞ্চলৰপৰা বৃশ্চিক ধৰি আনি সিহঁতৰ বিষ সংগ্রহ কৰিবলৈ প্রত্নতত্ত্বৰ ডিগ্রী ত্যাগ কৰিছিল।ল’ৰাজনৰ নাম মহম্মদ হামদী ব’ষ্টা ৷
মাত্ৰ ২৫ বছৰ বয়সতে বিশ্বৰ এটা নাম থকা সংস্থা কাইৰো ভেনম কোম্পানীৰ মালিক ৷ এই কোম্পানীটোৰ উদ্দেশ্য মিছৰৰ ভিন ভিন ফাৰ্মত ৮০,০০০ বৃশ্চিক আৰু সাপ পোহা সেইবিলাকৰ বিষ সংগ্ৰহৰ বাবে।
কোম্পানীটোৱে সংগ্ৰহ কৰা বিষ সমূহ ইউৰোপ আৰু আমেৰিকালৈ ৰপ্তানি কৰে এণ্টিভেনম তৈয়াৰ কৰিবলৈ যি ঔষধ সাপে খোটা বা তেনে কোনো বিষাক্ত জীৱৰ বিষৰপৰা জীৱন ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰা হয় ৷ এই সাপ আৰু বৃশ্চিকৰ বিষ হাইপাৰটেনচনৰ দৰে ৰোগৰ ঔষধ নিৰ্মাণতো ব্যৱহাৰ হয় ৷
- Log in to post comments
- 21 views